আজি পুৱা ২৪ কেৰেট বিশুদ্ধতাৰ সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১৬৩ টকা বৃদ্ধি হৈ সোণৰ দাম হৈছেগৈ ৫০,৮১২ টকা ৷উল্লেখযোগ্য যে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে বিশ্ববজাৰত তীব্ৰতাৰে সোণ আৰু ৰূপৰ মূল্য পুনৰ বৃদ্ধি পাইছে। সোণৰ মূল্য ৫১ হাজাৰত উপনীত হোৱাৰ লগতে ৰূপ বিক্ৰী কৰা হৈছে ৬০ হাজাৰতকৈও অধিক মূল্যত ।
ইয়াৰ আগতে সোণৰ মূল্য আছিল ৫০,৬০৪ টকা৷ কিন্তু সোনকালেই ইয়াৰ চাহিদা তীব্ৰগতিত বৃদ্ধি পোৱাৰ বাবে ইয়াৰ মূল্যও ২০০ টকাতকৈও অধিক বৃদ্ধি পায়।
ইফালে সোণৰ লগে লগে আজি বৃদ্ধি পাইছে ৰূপৰ মূল্যও ৷জানিব পৰা মতে ৰূপৰ মূল্যই অতিক্ৰম কৰিছে ৬০ হাজাৰৰো ঘৰ । এমচিএক্সত পুৱা প্ৰতি কিলো ৰূপৰ দাম ১৯৯ টকা বৃদ্ধি হৈ ৬০,১৪৫ টকা হৈছেগৈ।