কৰ‘না ভাইৰাছৰ সৈতে যুঁজিবলৈ অতি সোনকালেই ভাৰতত উপলব্ধ হ‘ব মাত্ৰ এপলি প্ৰতিষেধক। অৰ্থাৎ এটা মাত্ৰ প্ৰতিষেধক ললেই ক‘ভিড -১৯ ৰ বিৰুদ্ধে দেহত গঢ়ি তুলিব পাৰিব প্ৰতিৰোধ ক্ষমতা।
ইতিমধ্যে ভাৰতত এই প্ৰতিষেধক প্ৰদানৰ বাবে অনুমতি বিছাৰিছে ’জনছন এন্ড জনছন’কোম্পানীয়ে।আৰু ইয়াৰ নাম হৈছে জনচীন ভেকচিন।
এই মাৰ্কিন ঔষধ নিৰ্মাণকাৰী সংস্থাটোৱে এক বিবৃতি জাৰি কৰি কয় যে যোৱা ৫ আগষ্টত এই প্ৰতিষেধক জৰুৰী ভিত্তিত ব্যৱহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুমতি বিচাৰি আৱেদন দাখিল কৰা হৈছে।
দেশত বৰ্তমান কভিশিল্ড, কভাক্সিন, স্পুটনিক ভি,ফাইজাৰ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হৈছিল আৰু এই ভেকচিনৰ যোগেদি সমগ্ৰ দেশত টিকাকৰণ চলাই থকা হৈছে।
ইফালে ’জনছন এন্ড জনছন’ কোম্পানীটোৱে দাবী কৰে যে এই প্ৰতিষেধকৰ পৰীক্ষা কৰা সময়ত ইয়াত ৮৫% কাৰ্যকাৰিতা দেখা পোৱা গৈছিল।এই প্ৰতিষেধক লোৱাৰ পিছত কৰ’নাত আক্ৰান্ত হলেও মৃত্যুৰ সম্ভাৱনা কম হ‘য়।
তেনেক্ষেত্ৰত বিশেষজ্ঞ সকলে অনুমান কৰিছে যে কৰ‘না এই দ্ৰুত সংক্ৰমণৰ গতি হ্ৰাস কৰিবলৈ এই ভেকচিনে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব।
যদি ’জনছন এন্ড জনছন’ কোম্পানীৰ এই এপালি ভেকচিনে দেশৰ সৰ্বাধিক লোকক সামৰি ল‘ব পাৰে তেন্তে আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা অনুসৰি অহা ৩১ ডিচেম্বৰৰ ভিতৰত দেশৰ সকলো প্ৰাপ্তবয়স্ক লোকক প্ৰতিষেধক প্ৰদান কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত এই প্ৰতিষেধকে যথেষ্ট সহায় কৰিব।
ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা চলি থকাৰ কথা উল্লেখ কৰিছে কোম্পানীটোৱে।