ফিনলেণ্ড আৰু ছুইডেনে নাটো বাহিনীত যোগদান কৰা সন্দর্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ কয় যে যদিহে নাটোৰ সৈতে ফিনলেণ্ড আৰু ছুইডেনে যোগদান কৰে তেন্তে ৰাছিয়াৰ কোনো সমস্যা নাই।তুৰ্কমেনিস্তানৰ ৰাজধানী আছগাবাটত অনুষ্ঠিত এখন সংবাদমেলত পুটিনে কয় যে ইউক্ৰেইনৰ দৰে ছুইডেন আৰু ফিনলেণ্ডৰ সৈতে আমাৰ সমস্যা নাই। পুটিনে কয় -“ছুইডেন আৰু ফিনলেণ্ডে নাটোত যোগদান কৰাত আমাক একোৱেই আমনি কৰিব নোৱাৰে। যদি ফিনলেণ্ড আৰু ছুইডেনে বিচাৰে তেন্তে তেওঁলোকে যোগদান কৰিব পাৰে। সেয়া তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে য’ত বিচাৰে তাতে যোগদান কৰিব পাৰে।”
কিন্তু পুটিনে দুয়োখন দেশক সকীয়াইও দিছে ৷ তেওঁ কয় যে, “যদি তাত সামৰিক দল আৰু সামৰিক আন্তঃগাঁথনি নিয়োজিত কৰা হয়, তেন্তে আমি প্ৰত্যাহ্বান জনাবলৈ বাধ্য হ’ম আৰু সেই ভূখণ্ডসমূহৰ বাবে একে ভাবুকি সৃষ্টি কৰিবলৈ বাধ্য হ’ম যেনেধৰণৰ ভাবুকি আমাৰ বাবে সৃষ্টি হ’ব ।” ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ পিছত ছুইডেন আৰু ফিনলেণ্ড দুয়োখনেই নাটোত যোগদানৰ বাবে আবেদন কৰাৰ সিদ্ধান্ত লৈছে।
বুধবাৰে মাদ্ৰিদত অনুষ্ঠিত নাটোৰ সন্মিলনত সদস্যপদৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। ৰাছিয়াই দেশ দুখনে নাটোত যোগদান কৰাৰ সম্ভাৱনাক সমালোচনা কৰি কৈছিল যে ই আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এক “অস্থিৰতা সৃষ্টিকাৰী কাৰক” হ’ব।তথাপিও পুটিনে নাটোক গৰিহণা দিয়ে, মিত্ৰজোঁটে ইউক্ৰেইন সংঘাতৰ জৰিয়তে নিজৰ “আধিপত্য” প্ৰমাণ কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰে।
পুটিনে কয় যে ইউক্ৰেইন আৰু ইউক্ৰেইনৰ জনসাধাৰণৰ মংগল পশ্চিমীয়া দেশ আৰু নাটোৰ লক্ষ্য নহয়,বৰঞ্চ নিজৰ স্বাৰ্থ ৰক্ষাৰ এক মাধ্যমহে। তেওঁ লগতে কয় যে নাটোৰ দেশসমূহৰ নেতাসকলে… নিজৰ আধিপত্য, নিজৰ সাম্ৰাজ্যবাদী উচ্চাকাংক্ষাক দাবী কৰিব বিচাৰে।