প্ৰকৃতিৰ অনুপম সৃষ্টি অসমত প্ৰকৃতিয়ে হিয়া উজাৰি সকলো দিছে। প্ৰাকৃতিক ভাৱে চহকী হোৱাৰ উপৰিও খাদ্য সম্ভাৰেৰে চহকী অসম এখন সুন্দৰ ৰাজ্য। মছলাবিহীন খাদ্যসমূহ পৰিপুষ্টিৰ অনন্য ভাণ্ডাৰ হোৱাৰ উপৰিও অসম খাদ্যৰ ক্ষেত্ৰত অতি চহকী। প্ৰধান খাদ্য ভাত যদিও অসমীয়া সমাজত কিছুমান অতি স্বাস্থ্য সন্মত আৰু পুষ্টিগুণ সম্পন্ন জলপান আছে। অসমীয়া সমাজত বহুল ভাৱে প্ৰচলিত জলপান সমূহৰ ভিতৰত সান্দহ বা কৰাইগুড়ি অন্যতম জলপান।
সান্দহগুড়ি বা কৰাইগুড়ি অসমীয়া পৰম্পৰাগত জলপান সমূহৰ ভিতৰত আটাইতকৈ পৌষ্টিক গুণ থকা খাদ্য। সহজতে প্ৰস্তুত কৰি খাব পৰা এই অসমীয়া জলপান অতি শক্তিদায়ক বুলি জনাজাত। সান্দহগুড়ি বা কৰাইগুড়ি শক্তিদায়ক হোৱাৰ উপৰিও অতিকৈ সোৱাদময় হয়।
সান্দহগুড়ি চকোৱা , নানিয়া ধানৰ উপৰিও শালি ধানেৰেও তৈয়াৰ কৰা হয়। সান্দহগুড়িৰ বাবে ধান সিজাই ৰ’দত শুকুৱাব লাগে। পাছত সেই ধানৰ পৰা ওলোৱা চাউল কেৰাহীত ভাজি ঢেঁকী বা মিলত খুন্দি গুড়ি কৰি সান্দহ গুড়ি বা কৰাইগুড়ি প্ৰস্তুত কৰা হয়।
সান্দহগুড়ি চাৰি বা পাঁচ চামুচ উতলা গৰম পানীত তিয়াই থোৱা হয়। এনে কৰিলে সান্দহ খিনি ফুলি যথেষ্ট খিনি হয়। তাৰ পিছত দৈ , গাখীৰ বা ক্ৰিম আদিৰে খাবলৈ বহুত সোৱাদময় হয়।বহুতে নিমখ-তেলেৰে খাই তৃপ্তি অনুভৱ কৰে।
আগৰ দিনত সান্দহগুড়ি সকলো অসমীয়াৰে প্ৰিয় খাদ্য আছিল। সময়ৰ পৰিবৰ্তনৰ লগে লগে মেগি , চাওচাও আদিয়ে জলপানৰ ঠাই দখল কৰা দেখা গৈছে।আজিৰ প্ৰজন্মই হয়তো সান্দহগুড়ি কি বস্তু বুজিয়ে নাপায়। কিন্তু আজিৰ দিনতো বহুতো স্বাস্থ্য সচেতন অসমীয়া লোকৰ উপৰিও অন্য বহুলোকেও অসমীয়া জলপানক ৰাতিপুৱাৰ জলপান হিচাপে ব্যৱহাৰ কৰা দেখা যায়।
অসমীয়াৰ অতি মৰমৰ স্বাস্থ্য সন্মত সান্দহগুড়ি বা কৰিইগুড়িক জলপান হিচাপে ব্যৱহাৰ কৰিলে আমি যথেষ্ট উপকাৰ পাব পাৰোঁ।