আজি বিখ্যাত বাঁহীবাদক তথা সংগীত পৰিচালক হৰিপ্ৰসাদ চৌৰাছিয়াৰ ওপজা দিন । ১৯৩৮ চনৰ আজিৰ দিনটোতে এলাহাবাদত (বৰ্তমানৰ প্ৰয়াগৰাজ) তেওঁৰ জন্ম হৈছিল । তেওঁ বাৰাণসীৰ ভোলানাথ প্ৰসন্নৰ ওচৰত বাঁহী বজাবলৈ শিকিছিল ।পিছত তেওঁ ১৯৫৭ চনত উৰিষ্যাৰ অল ইণ্ডিয়া ৰেডিঅ’ কটকত সংগীত ব্যৱস্থাপক হিচাপে যোগদান কৰে । তেওঁৰ বাঁহীবাদনৰ আধাৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত । তদুপৰি তেওঁ শিৱকুমাৰ শৰ্মাৰ সৈতে লগ লাগি শিৱ-হৰি নামেৰে চিলচিলা, চান্দনী, লমহে, ডৰ আদি কেইবাখনো জনপ্ৰিয় হিন্দী চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল । আন কেইবাগৰাকী পশ্চিমীয়া সংগীতজ্ঞৰ সৈতে যুটী বান্ধিও তেওঁ অনেক চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল । তেওঁ ১৯৮৪ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে । তদুপৰি ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ আৰু পদ্মবিভূষণ সন্মান প্ৰদান কৰে । এইগৰাকী সংগীতজ্ঞলৈ জনালোঁ ওপজা দিনৰ ওলগ ।