আজিৰ পৰা ভাৰতবৰ্ৰষত হ্ৰাস পাইছে ৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য৷ ভাৰতৰ ৰাজধানী চহৰ দিল্লীত ১৯ কিলোগ্ৰাম এলপিজি চিলিণ্ডাৰৰ মূল্য ১৯৮ টকা হ্ৰাস কৰা হৈছে বুলি ৰাজ্যিক মালিকানাধীন ৰিটেইলাৰসকলে জানিবলৈ দিছে।
আনহাতে দেশৰ অন্যতম চহৰ ক’লকাতাত এলপিজি চিলিণ্ডাৰৰ মূল্য ১৮২ টকা হ্ৰাস পোৱাৰ লগতে চলচ্ছিত্ৰ নগৰী মুম্বাইত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৯০.৫০ টকা হ্ৰাস পাইছে ৷ আনহাতে চেন্নাইত হ্ৰাস পাইছে ১৮৭ টকা ।
উল্লেখযোগ্য যে পেট্ৰ’লিয়াম কোম্পানী ইণ্ডিয়ান অইলেও বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে। অৱশ্যে ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ উপভোক্তাসকলে কোনো সকাহ পোৱা নাই। ১৪.২ কিলোগ্ৰাম ঘৰুৱা চিলিণ্ডাৰৰ মূল্য এতিয়াও হ্ৰাস পোৱা নাই। ১৯ মে’ৰ পৰাই একে হাৰত উপলব্ধ ১৪.২ কিলোগ্ৰাম ঘৰুৱা চিলিণ্ডাৰ।
ভাৰতত ইন্ধনৰ মূল্য প্ৰায় এমাহতকৈও অধিক সময় ধৰি স্থিৰ হৈ আছে। অজিও পেট্ৰ’ল আৰু ডিজেলৰ মূল্য অপৰিৱৰ্তিত হৈ থকাৰ ফলত জনগণই যথেষ্ট সকাহ পাইছে। কিয়নো ইন্ধনৰ মূল্যৰ সামান্য তাৰতম্যই মানুহৰ দৈনন্দিন জীৱনৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে, লগতে সামগ্ৰিকভাৱে সমাজৰ ওপৰতো।
উল্লেখযোগ্য যে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২১ মে’ত ইন্ধনৰ আবকাৰী শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ পিছত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য যথেষ্ট ব্যৱধানত হ্ৰাস পায়।
যোৱা মাহত চৰকাৰে এই কথা ঘোষণা কৰিছিল যে ‘উজ্জ্বলা আঁচনি’ৰ অধীনত বিনামূলীয়া সংযোগ লাভ কৰা মাত্ৰ ৯ কোটি দৰিদ্ৰ মহিলা আৰু অন্যান্য হিতাধিকাৰীৰ বাবে ৰন্ধন গেছৰ ওপৰত সীমিত ৰাজসাহাৰ্য্য দিয়া হ’ব ৷ আনহাতে পৰিয়ালসহ বাকী ব্যৱহাৰকাৰীসকলে বজাৰ মূল্য পৰিশোধ কৰিব। অৱশ্যে তেল সচিব পংকজ জৈনে এক বাতৰি ব্রিফিঙত কৈছিল যে, ২০২০ চনৰ জুনৰ পৰা ৰন্ধন গেছৰ ওপৰত কোনো ৰাজসাহাৰ্য্য পৰিশোধ কৰা নহয় আৰু প্ৰদান কৰা একমাত্ৰ ৰাজসাহাৰ্য্য হৈছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২১ মাৰ্চত ঘোষণা কৰা ৰাজসাহাৰ্য্য।
সীতাৰমণে পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক প্ৰতি লিটাৰত ৮ টকা আৰু ডিজেলৰ ওপৰত ৬ টকাকৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ সময়ত কৈছিল যে উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলে এবছৰত ১২ টা চিলিণ্ডাৰৰ বাবে প্ৰতি চিলিণ্ডাৰৰ ৰাজসাহাৰ্য্য ২০০ টকা লাভ কৰিব যাতে ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱাৰ ফলত উদ্ভৱ হোৱা বোজা কিছু পৰিমাণে হ্ৰাস কৰাত সহায় হয়।