কথমপি এক ভয়াৱহ দূর্ঘটনাৰ পৰা ৰক্ষা পৰিল স্পাইচজেটৰ এখন বিমান ৷ উৰণৰ পাছতে ধোঁৱাৰে ভৰি পৰে বিমানখন ৷ যাৰ বাবে ৫০০০ ফুট উচ্চতাৰ পৰা জৰুৰীভাৱে অৱতৰণ কৰিবলগা হয় বিমানখনে ৷
প্ৰাপ্ত তথ্য অনুসৰি জবলপুৰলৈ উৰা মাৰি থকা স্পাইচজেট বিমানে আজি পুৱা দিল্লী বিমানবন্দৰলৈ উভতি আহে ৷ ৫ হাজাৰ ফুট উচ্চতাত থকা বিমানখনৰ ক্ৰুৱে কেবিনত ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰাৰ পাছতে জৰুৰী অৱতৰন কৰা হয় ৷
#WATCH | A SpiceJet aircraft operating from Delhi to Jabalpur returned safely to the Delhi airport today morning after the crew noticed smoke in the cabin while passing 5000ft; passengers safely disembarked: SpiceJet Spokesperson pic.twitter.com/R1LwAVO4Mk
— ANI (@ANI) July 2, 2022
অৱশ্যে নিৰাপদে বিমানখনে অৱতৰণ কৰাৰ পাছত যাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰা হয় ৷ বিগত ১৫ দিনৰ ভিতৰত স্পাইচজেটৰ বিমানৰ এয়া দ্বিতীয়টো জৰুৰীকালীন অৱতৰণ। ১৯ জুনত ১৮৫ জন যাত্ৰীসহ দিল্লী অভিমুখী এখন বিমান উৰণৰ ঠিক পিছতেই পাটনাত জৰুৰী অৱতৰণ কৰে ৷ চৰাইৰ খুন্দাত বাওঁ ইঞ্জিনত বিমানখনত জুই লাগিছিল।