মানুহৰ মাজতে থকা বন্ধুত্বসুলভ স্বভাৱৰ এবিধ প্ৰাণী হ’ল মেকুৰী। অতীজৰে পৰা চলি অহা এক জনবিশ্বাস মতে মেকুৰীক বাঘৰ মাহীয়েক বুলি কোৱা। প্ৰতিবছৰে ৮ আগষ্টৰ দিনটো পালন কৰা হয় আন্তৰ্জাতিক বিড়াল দিৱস (International Cat Day) হিচাপে। বিড়াল বা মেকুৰীৰ যত্নৰ ক্ষেত্ৰত সচেতনতা সৃষ্টি কৰিবৰ বাবেই পালন কৰা হয় এই দিৱস ।
উল্লেখ্য যে এই দিৱস ইন্টাৰনেচনেল ফাণ্ড ফ’ৰ এনিমেল ৱেলফেয়াৰ উদ্যোগে ২০০২ চনত আৰম্ভ কৰে। তাৰ পাচৰ পৰাই বিশ্বব্যাপি পালন কৰা হয় এই দিৱস। এই দিনটোক ‘ পোহনীয়া প্ৰাণী ‘ দিৱস বুলিও কোৱা হয় কাৰণ পোহনীয়া জন্তুৰ ভিতৰত মেকুৰীয়ে সকলোতকৈ সোনকালে পোহ মানে আৰু মানুহেও এইবিধ জন্তু সকলোতকৈ বেছি পোহে। জানিবলৈ পোৱা মতে সমগ্ৰ পৃথিৱীত পোহ মনা মেকুৰীৰ সংখ্যা প্ৰায় ৫০০ মিলিয়নতকৈয়ো অধিক ।
মেকুৰীৰ লগত জড়িত কিছু আমোদজনক তথ্য আছে । মেকুৰীয়ে যেতিয়া খোজ কাঢ়ে তেতিয়া প্ৰথম ভৰিকেইটা যি ঠাইত পৰে তাৰ পাচৰ ভৰি দুটায়ো একে ঠাইতে পৰে।যাৰ ফলত খোজৰ শব্দ একেবাৰেই শুনা নাপায় বুলি ক’ব পাৰি। আনহাতে মেকুৰীৰ ভৰিৰ খোজৰ চিনো দেখা পোৱা নাযায় ।
ৰাতিৰ সময়ত মেকুৰীয়ে খুব স্পষ্টকৈ দেখা পায় ।এক হিচাবমতে মানুহৰ তুলনাত মেকুৰীয়ে ছয়গুণ পৰ্যন্ত স্পষ্টকৈ দেখা পায়।আনহাতে মেকুৰীৰ ঘ্ৰাণ তথা শ্ৰৱণ শক্তিও খুব প্ৰখৰ । দিনৰ ভাগত প্ৰায় ১৩/১৪ ঘন্টা সময় শুইয়ে কটাই এই প্ৰাণীবিধে । জীৱনটোৰ ৭০% শুইয়ে কটোৱা এই প্ৰাণীবিধে শুই থকা অৱস্থাত নিজৰ শক্তি সংৰক্ষণ কৰে ।
আন্তৰ্জাতিক বিড়াল দিৱসৰ জৰিয়তে মানুহে পোহা বন্ধুত্বসুলভ এই প্ৰাণীবিধৰ সাহাৰ্য্য আৰু সুৰক্ষাৰ বাবে যথেষ্ট গুৰুত্ব প্ৰদান কৰা দেখা পোৱা যায়।