পর্যটকৰ অন্যতম আকর্ষণস্থলী হিমাচল প্ৰদেশৰ কুল্লুত আজি পুৱা এক শোকাৱহ পথ দুর্ঘটনা সংঘটিত হয় ৷ নেওলি-ছানছেৰ পথৰ ছাইঞ্জ উপত্যকাৰ জাংলা অঞ্চলত এখন ব্যক্তিগত বাছ পথৰ পৰা দ’ খাৱৈত বাগৰি পৰাৰ ফলত ১৬ জন লোকৰ মৃত্যু ঘটে ৷ নিহতসকলৰ ভিতৰত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷ আহতসকলক স্থানীয় চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি ছাইঞ্জ উপত্যকাৰ নেওলি-ছানছেৰ পথেৰে কুল্লুৰ পৰা ছাইঞ্জলৈ গৈ আছিল স্কুল বাছখন। মৃত্যু হোৱা লোকৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ উদ্ধাৰ অভিযান অব্যাহত আছে ৷ পুৱা প্ৰায় ৮ বজাত সংঘটিত হয় এই দূর্ঘটনা।
ইফালে, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী এই দুৰ্ভাগ্যজনক ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে আহত সকলৰ সুস্থতাৰ বাবে প্ৰাৰ্থনা জনায় ৷ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে কয়-“কুল্লুৰ ছাইঞ্জ উপত্যকাত সংঘটিত ব্যক্তিগত বাছ দুৰ্ঘটনা সন্দৰ্ভত খবৰ পাইছো। প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে ৷ আহত সকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। প্ৰাণ হেৰুওৱাসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছো আৰু শোকসন্তপ্ত পৰিয়ালসমূহক এই দুখ সহ্য কৰিবলৈ শক্তি প্ৰদান কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷”দুৰ্ঘটনাত ১৬ জন লোকৰ মৃত্যুত বিজেপিৰ সভাপতি জে পি নাড্ডাই শোক প্ৰকাশ কৰিছে।