আজি স্বামী বিৱেকানন্দৰ স্মৃতি দিৱস । তেওঁ আছিল ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য । তেওঁ ইউৰোপ আৰু আমেৰিকাত বেদান্ত আৰু যোগশাস্ত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ ভূমিকা পালন কৰিছিল । ১৮৯৩ চনত আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্ম মহাসভাত হিন্দু ধৰ্মৰ সৰ্বধৰ্ম সমভৱ দৰ্শন বা সকলো ধৰ্মৰে সমন্বয়ৰ আদৰ্শৰ ব্যাখ্যাৰে দিয়া তেওঁৰ জ্ঞানগৰ্ভ ভাষণটোৱে তেওঁৰ পাণ্ডিত্য আৰু বাগ্মিতাৰ পৰিচয় দাঙি ধৰে । স্বামী বিৱেকানন্দ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল । তেওঁৰ শিষ্যসকলৰ ভিতৰত স্বামী সদানন্দ, ভগ্নী নিৱেদিতা আদি উল্লেখযোগ্য । তেওঁ ৰাজযোগ, কৰ্মযোগ, ভক্তিযোগ আৰু জ্ঞানযোগৰ বিষয়ে গ্ৰন্থও লিখি থৈ গৈছে । ১৯০২ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী যোগীপুৰুষলৈ আমাৰ প্ৰণাম ।
আজি অসমীয়া ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ স্মৃতি দিৱস । ১৯৬০ চনত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি আৰু প্ৰচলনৰ দাবীত সমগ্ৰ অসমতে বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত যি আন্দোলনৰ সূত্ৰপাত হৈছিল তাত অসমৰ বিভিন্ন স্কুল-কলেজৰ ছাত্র-ছাত্ৰীয়ে ব্যাপকভাৱে অংশগ্ৰহণ কৰিছিল । কটন কলেজো তাৰ ব্যতিক্ৰম নাছিল । সেই বছৰৰে আজিৰ দিনটোত আন্দোলনকাৰী একাংশ ছাত্ৰ-ছাত্ৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰাত কটন কলেজ ছাত্ৰাৱাসৰ ভিতৰতে ৰঞ্জিত বৰপূজাৰী শ্বহীদ হয় । সেই ছাত্ৰাবাসটোকে সম্প্ৰতি ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস হিচাপে নামকৰণ কৰা হৈছে । শ্বহীদগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি ভাৰতৰ এগৰাকী আগশাৰীৰ স্বাধীনতা সংগ্ৰামী পিংগলি ভেংকয়াৰ স্মৃতি দিৱস । তেওঁ এগৰাকী ভূতত্ত্ববিদ আছিল । ১৯১৬ চনৰ পৰা ১৯২১ চনলৈ তেওঁ ৩০খন দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে গৱেষণা কৰি আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ আৰ্হি প্ৰস্তুত কৰে । প্ৰথমে পতাকাখনৰ আৰ্হি টো কংগ্ৰেছৰ বাবে কৰা হৈছিল যদিও ১৯৪৭ চনত সেইখনৰে কিছু সংশোধন কৰি আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে গ্ৰহণ কৰা হয় । ১৯৬৩ চনৰ আজিৰ দিনটোতে অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি ‘সুগন্ধি পখিলা’ৰ কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস । কবিতাপ্ৰেমীৰ বাবে তেওঁৰ পৰিচিতি হীৰুদা । অসমীয়া ভাষাত তেওঁৰ ৩০খন কবিতা পুথি প্ৰকাশ পাইছে । দুখন বাংলা ভাষালৈ আৰু এখন ইংৰাজী ভাষালৈ অনূদিত হৈছে । সুগন্ধি পখিলা নামৰ কবিতা পুথিখনৰ বাবে তেওঁ ছোভিয়েট দেন নেহৰু বঁটা লাভ কৰে । শইচৰ পথাৰ মানুহ নামৰ কবিতা পুথিখনৰ বাবে ১৯৯৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । ২০০০ চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰে । ২০১২ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।