এনফর্চমেণ্ট সঞ্চালকালয়ে আজি চীনৰ মোবাইল ফোন নিৰ্মাতা কোম্পানী ভিভ’ আৰু ইয়াৰ সৈতে জড়িত অন্যান্য প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান চলাই ৷ সমগ্ৰ ভাৰতৰ ৪৪টা স্থানত অবৈধ ধন সৰবৰাহৰ অভিযোগত এনফর্চমেণ্টে তালাচী চলায়।যোৱা ডিচেম্বৰ মাহত আয়কৰ বিভাগেও ২০টাতকৈও অধিক স্থানত ভিভ’ আৰু এনে অন্যান্য চীনা প্ৰতিষ্ঠানৰ চৌহদত তালাচী চলাইছিল। শ শ কোটি টকাৰ কৰ ফাঁকি দিয়া বুলি চোৰাংচোৱা সূত্ৰৰ ভিত্তিত লাভ কৰা তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল ৷
ফৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট বা ফেমা উলংঘা কৰাৰ অভিযোগত কেন্দ্ৰীয় সংস্থাটোৱে জিয়মীৰ ভাৰতৰ মুৰব্বী মনু জৈনক সোধা-পোছা কৰিছিল। আনকি ইডিয়ে গোচৰটোৰ সৈতে ৫০০০ কোটি টকাৰ সৈতে প্ৰতিষ্ঠানটোৰ বেংক একাউণ্ট জব্দ কৰিছিল ৷ অৱশ্যে কৰ্ণাটক উচ্চ ন্যায়ালয়ত তেওঁলোকে সকাহ লাভ কৰিছিল ৷ প্ৰতিষ্ঠানটোৱে অভিযোগ কৰে যে ইডিয়ে নিজৰ বিষয়াসকলক হেঁচা প্ৰয়োগ কৰিছিল যোৱা আগষ্ট মাহতো চীন চৰকাৰৰ নিয়ন্ত্ৰিত টেলিকম বিক্ৰেতা জেডটিইৰ কৰ্পৰেট কাৰ্যালয়কে ধৰি পাঁচটা চৌহদত তালাচী অভিযান চলোৱা হৈছিল।