সম্পূৰ্ণ ক‘ভিড নীতি-নিৰ্দেশনা মানি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সহযোগত সোমবাৰে গুৱাহাটী ৰাজীৱ ভৱনত ভাৰত ত্যাগ দিৱস কাৰ্যসূচী ৰূপায়ণ কৰা হ’য়।
অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। ইয়াৰপিছতে স্বাধীনতা আন্দোলনৰ বীৰ সেনানী সকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে প্ৰদেশ কংগ্ৰেছৰ বিষয়-ববীয়া সকলে।
স্মৃতিচাৰণ অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি জনে বীৰ সেনানী সকলৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায়।
এই অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য , ববিতা শৰ্মা, ব্ৰজেন সন্দিকৈৰ লগতে বহু কেইজন কংগ্ৰেছী নেতা- কৰ্মী উপস্থিত থাকে।