কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিক লৈ দেশজুৰি প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰাৰ পাছত এই আঁচনিখনৰ অধীনত নিযুক্তিৰ বাবে সহাঁৰি লাভ কৰিব নে নকৰে তাক লৈ সন্দেহৰ সৃষ্টি হৈছিল ৷ এনে পৰিৱেশৰ মাজতে অগ্নিবীৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল বায়ুসেনাই ৷ কিন্তু সকলো সন্দেহ দুৰ কৰি অগ্নিবীৰ আঁচনিৰ অধীনত অত্যন্ত সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে বায়ুসেনাই ৷ আনকি পূর্বৰ নিয়মীয়া নিযুক্তিৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপনতকৈয়ো অধিক প্ৰার্থীৰ পৰা আৱেদন লাভ কৰিবলৈ সক্ষম হৈছে বায়ুসেনা ৷
পঞ্জীয়ন শেষ হোৱাৰ পাছত ভাৰতীয় বায়ুসেনাই টুইট কৰি কয় যে বিগত সময়ছোৱাত যিকোনো নিযুক্তি চক্ৰত সৰ্বাধিক আৱেদনকাৰীৰ সংখ্যা আছিল ৬,৩১,৫২৮ খন ৷ ইয়াৰ বিপৰীতে এইবাৰ অগ্নিপথ আঁচনিৰ অধীনত ৭,৪৯,৮৯৯ খন আবেদন লাভ বায়ুসেনাই লাভ কৰিছে ৷ ১৭ৰ পৰা ২১ বছৰৰ ভিতৰৰ লোকসকল বায়ুসেনাত আৱেদনৰ বাবে যোগ্য বিবেচনা কৰা হৈছিল ৷ অগ্নিপথৰ অধীনত চাৰি বছৰৰ বাবে নিযুক্তি দিয়া হ’ব ৷ বাচনি লাভ কৰা প্ৰার্থীসকলৰ ভিতৰত ২৫ শতাংশক তেওঁলোকৰ কৰ্মক্ষমতাৰ ওপৰত ভিত্তি কৰি স্থায়ী নিযুক্তি প্ৰদান কৰা হ’ব ৷
যিসকলে সামৰিক বাহিনীত কাম কৰিবলৈ আগ্ৰহী তেওঁলোকে ইতিমধ্যে ক’ভিড-১৯ মহামাৰীৰ বাবে দুবছৰ নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে ৷ অগ্নিপথক লৈ প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছতে জুন মাহত চৰকাৰে এই আঁচনিৰ উচ্চ বয়সৰ সীমা ২১ বছৰৰ পৰা ২৩ বছৰলৈ বৃদ্ধি কৰিছিল। অগ্নিপথৰ একাংশ আবেদনকাৰীয়ে তেওঁলোকৰ চাৰি বছৰীয়া সেৱা শেষ হোৱাৰ পাছত তেওঁলোকৰ কি হ’ব সেই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে চৰকাৰে তেওঁলোকৰ কৰ্তব্য ভ্ৰমণ শেষ হোৱাৰ পিছত তেওঁলোকে কি কৰিব পাৰে সেই সম্পৰ্কে একাধিক ঘোষণা আৰু নিৰ্দেশনাৰে তেওঁলোকৰ চিন্তা দূৰ কৰিবলৈ চেষ্টা কৰিছে।বহু অগ্নিবীৰ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত প্ৰৱেশৰ বাবে যোগ্য বিবেচিত হ’ব।