এখন কিতাপ প্ৰকাশ কৰিবলৈ এজন লিখকক বহু সময় লাগে ৷ কিন্তু আপুনি জানিলে আচৰিত নহৈ নোৱাৰিব যে ৰীতাজ হুছেইন আলহাজমী নামৰ এই ১৩বছৰীয়া লেখিকা গৰাকীয়ে ইমান কম বয়সতে এখন নহয় তিনিখনকৈ কিতাপ প্ৰকাশ কৰি উলিয়ালে যাৰ বাবে তেওঁক ‘গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ’ৰ দ্বাৰা এখন কিতাপ শৃংখলা (মহিলা) প্ৰকাশ কৰা বিশ্বৰ “কনিষ্ঠতম ব্যক্তি” হিচাপে অভিহিত কৰা হৈছে।
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ সৈতে কথা পাতি থাকোতে আলহাজমীয়ে কয়, “গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিব পৰাটো এটা ডাঙৰ সাফল্য যাক মই যুৱ লেখকসকলৰ সৈতে ভাগ বতৰা কৰিব বিচাৰোঁ। মই যুৱ লেখকসকলক প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আৰু সকলো বাধা নেওচি আগুৱাই যাবলৈ অনুপ্ৰাণিত আৰু উৎসাহিত কৰিব বিচাৰোঁ।”
চৌদি আৰৱৰ পূব প্ৰদেশৰ ধাহৰণ চহৰত জন্মগ্ৰহণ কৰা আলহাজমী আৰবী আৰু ইংৰাজী ভাষাত সাবলীল ৷ জে কে ৰাউলিঙ আৰু জোয়ান ৰেণ্ডেলৰ দৰে লেখক তেওঁৰ লিখাৰ অনুপ্ৰেৰণা ।সাত বছৰ বয়সৰ পৰা, আলহাজমীয়ে প্ৰায়ে চৌদি আৰৱৰ পুথিভঁৰালসমূহ পৰিদৰ্শন কৰিছিল যিয়ে তেওঁক চুটি গল্প লিখিবলৈ অনুপ্ৰাণিত কৰিছিল।
‘ট্ৰেজাৰ অফ দ্য লষ্ট চি’ শীৰ্ষক আলহাজমীৰ প্ৰথম খন উপন্যাস ২০১৯ চনত প্ৰকাশিত হৈছিল। আনহাতে তেওঁৰ দ্বিতীয় খন কিতাপ ‘পৰ্টেল অফ দ্য হিডেন ৱৰ্ল্ড’ও একে বছৰতে প্ৰকাশিত হৈছিল। তেওঁৰ ‘বিয়ণ্ড দ্য ফিউচাৰ ৱৰ্ল্ড’ শীৰ্ষক শৃংখলাটোৰ তেওঁৰ তৃতীয় খন উপন্যাস ২০২০ চনত প্ৰকাশ পাইছিল। তেওঁ বৰ্তমান শৃংখলাটোৰ চতুৰ্থ খন কিতাপ ‘দ্য পেচেজ টু দ্য আননউন’ৰ কাম কৰি আছে।
২০১৯ চনত আলহাজমীৰ দ্বিতীয় খন উপন্যাস প্ৰকাশ হোৱাৰ পিছত, তেওঁ “এখন কিতাপ শৃংখলা (মহিলা) প্ৰকাশ কৰা আটাইতকৈ কনিষ্ঠ ব্যক্তি”ৰ বাবে বিশ্ব অভিলেখৰ বাবে যোগ্যতা অৰ্জন কৰে। এই অভিলেখৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১২ বছৰ ।
الثاني من مايو يصادف اليوم الذي شهدتُ فيه محاولة تحقيق لقب 'أصغر كاتبة سلسلة كتب' في #غينيس للأرقام القياسية
May 2nd marks the day where I witnessed the attempt of achieving a record titled ‘youngest series writer’ in #Guinness World Records#ريتاج_الحازمي pic.twitter.com/LjQZAsCxvn— Ritaj Alhazmi | ريتــاج الحازمي (@ritajalhazmi) May 3, 2022