সাম্প্ৰদায়িক হিংসাই সমাজত অশুভ বাতাবৰণৰ সৃষ্টি কৰাৰ সময়তে বিহাৰত এটা মুছলমান পৰিয়ালে এজন হিন্দু লোকৰ শেষকৃত্য সম্পন্ন কৰি সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদর্শন দাঙি ধৰিছে ৷ মুছলমান পৰিয়ালটোৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কর্মৰত হিন্দু কর্মচাৰীৰ শেষকৃত্য সম্পন্ন কৰা দৃশ্য ছছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ মহম্মদ ৰিজৱান খানৰ পৰিয়ালে কর্মচাৰী ৰামদেৱ সাহৰ শেষকৃত্য সম্পন্ন কৰে ৷
উল্লেখ্য যে সাহে পাটনাৰ ৰিজৱানৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কাম কৰিছিল। ২৫ বছৰ ধৰি দোকানখনত কাম কৰি ৰিজৱান পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিছিল সাহ ৷ যোৱা সপ্তাহত ৭৫ বছৰ বয়সত তেওঁৰ মৃত্যু হয় ৷ ইয়াৰ পাছতে হিন্দু ৰীতি-নীতি অনুসৰি তেওঁৰ শেষকৃত্য সম্পন্ন কৰে ৰিজৱান আৰু তেওঁৰ পৰিয়ালে।শেষকৃত্যৰ সময়ত বহুতো মুছলমান ওচৰ-চুবুৰীয়াও উপস্থিত থাকে ৷
স্থানীয় লোকসকলে প্ৰকাশ কৰা অনুসৰি দুটা দশকৰো অধিক সময়ৰ আগতে সাহ ৰিজৱানৰ প্ৰতিষ্ঠানলৈ আহিছিল ৷ সাহৰ সৰলতাই সকলোকে মন্ত্ৰমুগ্ধ কৰিছিল ৷ ৰিজৱানে কয় – “তেওঁ মোৰ দেউতাৰ দৰেই আছিল। চাকৰি বিচাৰি মোৰ দোকানলৈ ৫০ বছৰমান আগতে আহিছিল । মই তেওঁক কৈছিলো যে আপুনি গধুৰ কাম কৰিব নোৱাৰিব। সাহে মোক কৈছিল যে তেওঁ একাউণ্টিংত ভাল ৷” ৰিজৱানে কয় যে সাহ এজন অভিভাৱকৰ দৰে আছিল।তদুপৰি চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষ সন্দৰ্ভত তেওঁ মন্তব্য কৰি কয় – “টেলিভিছনত যি দেখুওৱা হৈছে তাত সঠিক ছবিখন চিত্ৰিত কৰা হোৱা নাই। যেতিয়া শিশুৱে আঘাত পায় আমি তেওঁৰ ধৰ্ম বিচৰা নাই, আমি প্ৰাথমিক চিকিৎসা প্ৰদান কৰোঁ। একেদৰে হিন্দুসকলেও আমাৰ অনুষ্ঠানত উপস্থিত থাকে আৰু আমি তেওঁলোকৰ অনুষ্ঠানত উপস্থিত থাকো ।”