আজি বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক তথা সাংবাদিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ওপজা দিন । ১৯২৭ চনৰ আজিৰ শিৱসাগৰ জিলাৰ আমগুৰিত তেওঁৰ জন্ম হৈছিল । সাংবাদিকতাৰে কৰ্মজীৱনৰ পাতনি মেলি তেওঁ দ্য আছাম ট্ৰিবিউন কাকতৰ সহঃ সম্পাদক, অসম বাতৰি কাকতৰ সম্পাদক আৰু নতুন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে । তদুপৰি তেওঁ মণিদীপ, অসমীয়া, প্ৰকাশ আৰু গৰীয়সী আলোচনীৰো সম্পাদক আছিল । তেওঁ অসম প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্বও পালন কৰিছিল । ৰামধেনুৰ পাতত তেওঁ সাহিত্যিক হিচাপে ভুমুকি মাৰিছিল । পিছলৈ তেওঁ মায়ামৃগ, নাচপতি ফুল আদি গল্প সংকলন, মন্দাক্ৰান্তা, মেঘমল্লাৰ, তোৰে মোৰে আলোকৰে যাত্ৰা, সূৰ্যস্নান আদি উপন্যাস, দৃষ্টিকোণ, আমেৰিকাৰ চিঠি আদি অন্যান্য বিষয়ৰ গ্ৰন্থ প্ৰকাশ পায় । ‘মহাৰথী’ উপন্যাসৰ বাবে তেওঁ ১৯৯৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৯৯ চনত হাজোত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি সত্ৰীয়া সংস্কৃতিৰ সাধক ৰসেশ্বৰ শইকীয়া বৰবায়নৰ ওপজা দিন । ১৯২৮ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ টিয়কত তেওঁৰ জন্ম হয় । ১৯৩৪ চনত তেওঁ কমলাবাৰী সত্ৰত ভকতৰ জীৱন আৰম্ভ কৰি ১৯৫০ চনত কমলাবাৰী সত্ৰই প্ৰদান কৰা বৰবায়ন উপাধি লাভ কৰে । ১৯৮০ চনত তেওঁ সত্ৰীয়া নৃত্যৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰে । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট গীতিকাৰ নুৰুল হকৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, পৰিচালক আৰু প্ৰযোজক । কলেজত পঢ়ি থকা দিনতে মাথোঁ ১৯ বছৰ বয়সতে তেওঁ নিপ বৰুৱাৰ ‘মাক আৰু মৰম’ চলচ্চিত্ৰৰ বাবে দুটি হিন্দী গীত ৰচনা কৰাছিল । প্ৰায় ৫৪২টা অসমীয়া আৰু প্ৰায় ২০০টা হিন্দী গীতৰ স্ৰষ্টা আছিল তেওঁ । চলচ্চিত্ৰৰ গীত ৰচনা, সংলাপ ৰচনাৰ উপৰি সহকাৰী পৰিচালক, ৰূপসজ্জাকাৰ, প্ৰযোজনা নিয়ন্ত্ৰক আদি বিভিন্ন ক্ষেত্ৰত তেওঁ জড়িত আছিল । ৰঙা পুলিচ, উপগ্ৰহ, অনুতাপ, অভিযান, গঙা চিলনীৰ পাখি আদি বিভিন্ন চলচ্চিত্ৰৰ বিভিন্ন দিশত তেওঁ অৱদান আগবঢ়াইছিল । অসমীৰে চোতালতে ৰ’দালিয়ে চেনেহতে, মোৰ দৃষ্টিত তুমি ধৰা পৰিলা, মধুমিতা অ’ মধুমিতা আদি তেওঁৰ জনপ্ৰিয় গীত । ২০১৬ চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী গীতিকাৰ তথা চিনেকৰ্মীলৈ আমাৰ প্ৰণাম ।