পশু কৰ্মী বিনীত বাগাৰিয়াক তেওঁৰ ডিব্ৰুগড়ৰ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ
বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ শণি মন্দিৰ ৰোডত থকা তেওঁৰ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ হ’ল প্ৰখ্যাত যুৱ পশু কৰ্মী বিনীত বাগাৰিয়া।
আৰক্ষীয়ে জনোৱা মতে, তেওঁক তেওঁৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ কোঠাত অচেতন অৱস্থাত পাইছিল আৰু তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
উক্ত ঘটনা সন্দৰ্ভত অতিৰিক্ত এছপি (মুখ্য কাৰ্যালয়) বিতুল চেতিয়াই কয়, “এই মুহূৰ্তত, আমি একো ক’ব নোৱাৰো কাৰণ তদন্ত প্ৰাথমিক অৱস্থাত আছে। এইটো আত্মহত্যাৰ ঘটনা হ’ব পাৰে কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছত এইটো স্পষ্ট হ’ব যে এইটো আত্মহত্যা নে আন কিবা।”
তেওঁ কয়, “এয়া আত্মহত্যাৰ ঘটনা নহ’বও পাৰে কিয়নো যোৱা কেইবাদিনো ধৰি তেওঁক বাইদুল্লা খান আৰু সঞ্জয় শৰ্মাই ভাবুকি দিছিল। আমি গোচৰটোৰ তদন্ত কৰি আছো আৰু অতি সোনকালেই বিষয়বোৰ স্পষ্ট হ’ব।”
তেওঁৰ পৰিয়ালৰ সদস্যসকলে বৈদুল্লা খানৰ বিৰুদ্ধে আত্মহত্যাৰ প্ৰৰোচনাৰ গোচৰ ৰুজু কৰিছে।
সূত্ৰসমূহে কৈছিল যে যোৱা কেইবাবছৰধৰি বিনীতৰ পৰিয়াল আৰু বাইদুল্লা খানৰ মাজত সংঘৰ্ষ চলি আছে।
এক প্ৰতিবেদনত কোৱা হৈছে যে ,বিনীতৰ দেউতাকে সঞ্জয় শৰ্মাক এটা ব্যৱসায় চলাবলৈ ঠাই দিছে কিন্তু সঞ্জয় শৰ্মাই বৈদুল্লা খানক ঠাই দিছিল। কেইদিনমানৰ পিছত,বৈদুল্লা খানে নিৰ্ধাৰিত স্থানত এখন মটৰচাইকেল স্পেয়াৰ পাৰ্টছ দোকান খুলিলে।
আৰক্ষীৰ তদন্তৰ পিছত হে প্ৰকৃত সত্য পোহৰলৈ আহিব ।পশুকৰ্মী গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি বিৰাজ কৰিছে গভীৰ শোকৰ ছাঁ।