এক শোকাৱহ দুৰ্ঘটনাত বৃহস্পতিবাৰে নিশা জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত এখন বাছ গভীৰ খাৱৈত পৰাৰ ফলত কমেও দুজন লোকৰ মৃত্যু হয় আৰু আন ৩৮ জন লোক আহত হয়।
উধমপুৰৰ মুখ্য চিকিৎসা বিষয়া ডাঃ বিজয় বাসনোত্ৰাই জনোৱা অনুসৰি, ঘটনাটো জিলাখনৰ কেয়া মৰ্হ অঞ্চলত সংঘটিত হয়।
দুৰ্ঘটনাত আহত দহজনক ইতিমধ্যে জিলা চিকিৎসালয় উধমপুৰলৈ প্ৰেৰণ কৰা হৈছে।
উধমপুৰ চিএমঅ’য়ে কয় যে “তথ্য পোৱাৰ পিছত, আমি লগে লগে এম্বুলেন্সবোৰ ঘটনাস্থলীলৈ প্ৰেৰণ কৰিলোঁ। ১০ জন আহতক জিলা চিকিৎসালয় উধমপুৰলৈ প্ৰেৰণ কৰা হৈছে”।
ইফালে, লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই শোকাৱহ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ৰ বাবে ৫ লাখ টকাৰ অনুদান ঘোষণা কৰে।
উক্ত দুৰ্ঘটনাত আহত প্ৰত্যেককে ৫০,০০০ টকাকৈ সাহাৰ্য দিয়া হ’ব আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰে তেওঁলোকৰ চিকিৎসাৰ ব্যয় বহন কৰিব।