আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা এক তীব্ৰ ধুমুহাই সেউজীয়া কৰি তোলে নেব্ৰাস্কা, মিনেচ’টা, চান ডিয়েগো আৰু ইলিনয় ৰাজ্যৰ আকাশ । ছ’চিয়েল মিডিয়াত এই প্ৰাকৃতিক ঘটনাটোৰ ছবিবোৰ ভাইৰেল হৈ পৰিছে। ।
কেৱল এয়াই নহয়, চহৰবোৰত প্ৰবাহিত হোৱা শক্তিশালী বতাহে আন্তঃগাঁথনিৰ ডাঙৰ ক্ষতি সাধন কৰিছিল কিয়নো বিদ্যুতৰ লাইনবোৰ ছিঙি পৰিছিল আৰু গছবোৰ বাগৰি পৰিছিল। খবৰ অনুসৰি কিছুমান অঞ্চলত প্ৰতি ঘণ্টাত ১৪০ কিলোমিটাৰ বেগত বলা এই আকাশ সেউজীয়া হৈ পৰা ধুমুহাটোক ‘ডেৰেকো’ বুলি কোৱা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বতৰ সেৱা অনুসৰি ই হৈছে ‘দ্ৰুতগতিত গতিশীল বৰষুণৰ এটা বেণ্ডৰ সৈতে সম্পৰ্কিত এক ব্যাপক, দীৰ্ঘম্যাদী, সৰল ৰেখাৰ বতাহ আৰু বজ্ৰপাত’।
ডেৰেকো স্পেনিছ শব্দ ‘লা ডেৰেচা’ৰ পৰা আহিছে যাৰ অৰ্থ হৈছে ‘পোন’। সৰল ৰেখাৰ ধুমুহাৰ বতাহত, টৰ্ণেডোৰ বিপৰীতে কোনো ঘূৰ্ণন নাই। এই ধুমুহাবোৰে কেইবাশ মাইল ভ্ৰমণ কৰে আৰু এক বিশাল এলেকা আৱৰি ৰাখে আৰু এনেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন কাষৰীয়া ৰাজ্যসমূহে শেহতীয়াকৈ সেউজীয়া আকাশ প্ৰত্যক্ষ কৰিছিল। জাৰ্মানী, ৰাছিয়া, ফিনলেণ্ড, বুলগেৰিয়া আৰু পোলেণ্ডতো ‘ডেৰেকো’ দেখা গৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকাশ সেউজীয়া হোৱাৰ ছবিবোৰ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে ব্যৱহাৰকাৰী সকলে ইয়াৰ প্ৰতি তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিছুমানে ইয়াক নেটফ্লিক্সৰ হিট শৃংখলা ষ্ট্ৰেঞ্জাৰ থিংছৰ সৈতে তুলনা কৰিছিল য’ত এনে ধৰণৰ ছবি দেখুওৱা হৈছে। ডেৰেকোৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ ছবি টুইটাৰ আৰু ইনষ্টাগ্ৰামত ব্যাপকভাৱে প্ৰচাৰিত হৈছে।