চলিত সপ্তাহৰ আৰম্ভণিতে নতুন চৰকাৰ গঠন হোৱাৰ পিছত মন্ত্ৰী পৰিষদ সম্প্ৰসাৰণক লৈ চলি থকা জল্পনা-কল্পনাৰ মাজতে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ ছিন্দে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনাবিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে।
শুকুৰবাৰে সন্ধিয়া সন্ধিয়া দিল্লীত উপস্থিত হোৱা ছিন্দে আৰু ফাৰনাবিছে এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে ৷ তদুপৰি উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰু বিজেপিৰ মুৰব্বী জে পি নাড্ডাকো সাক্ষাৎ কৰিব দুই নেতাই ৷
শ্বাহৰ সৈতে হোৱা আলোচনাত বিজেপি আৰু শিৱসেনাৰ ছিন্দে নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণে স্থান লাভ কৰা বুলি জানিব পৰা গৈছে। শ্বাহে এই বৈঠকৰ পাছত টুইট কৰি কয় ‘নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত আপোনালোক দুয়োজনে নিষ্ঠাৰে জনসাধাৰণৰ সেৱা কৰি মহাৰাষ্ট্ৰক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যাব।“
উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই ছিন্দে আৰু তেওঁৰ ফৈদৰ ১৫ জন বিধায়কক অযোগ্য ঘোষণা কৰি দাখিল কৰা আবেদনৰ সন্দৰ্ভত ১১ জুলাইত উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানিৰ পূৰ্বে তেওঁলোকৰ দিল্লী ভ্ৰমণ যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে ।