বেংগালুৰুত উৎখাত কৰা হ’ল দুটা অবৈধ কল চেণ্টাৰ ৷ জানিব পৰা মতে কল চেণ্টাৰ দুটাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলক বহুদিন ধৰি প্ৰতাৰণা কৰি আহিছিল ৷কেন্দ্ৰবোৰে তেওঁলোকক ই-কমৰ ভুৱা উপহাৰ কাৰ্ড ক্ৰয় কৰিবলৈ কোৱাৰ লগতে তেওঁলোকক বেংক একাউণ্টৰ অসুবিধাৰ অজুহাতত সংবেদনশীল বিৱৰণ ভাগ বতৰা কৰিবলৈ সৈমান কৰিছিল।
।
প্ৰতাৰণাৰ অভিযোগত অবৈধ কল চেণ্টাৰ দুটাৰ পৰা ইতিমধ্যে এঘাৰজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আনহাতে কলচেণ্টাৰ দুটাত কৰ্মৰত ৭২ জন টেলি-কলাৰকো আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷
উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ জৰিয়তে, আৰক্ষীৰ এটা দলে কল চেণ্টাৰৰ চৌহদত তালাচী চলাইছিল। উক্ত তালাচী অভিযানত আৰক্ষীয়ে অভিযুক্ত দুই কল চেণ্টাৰৰ পৰা উদ্ধাৰ কৰে ১৩৬ টা লেপটপ, ১২৭ টা ডেস্কটপ, ১০ টা হাৰ্ড ডিস্ক, পেন ড্ৰাইভ, ১৫০টা হেডফোন, চেলফোন, তিনিখন গাড়ী আৰু দুখন মিনি বাছ সহ নগদ ৩৩লাখ টকা ৷