ৱাটফৰ্ড এফ চিক লৈ সদায় আবেগিক কিংবদন্তি গায়ক ছাৰ এলটন জন ৷ সেয়েহে ইয়েলো ব্ৰিক ৰোড ভ্ৰমণসূচী সমাপ্ত হোৱালৈ অপেক্ষা কৰিব নোৱাৰে কিংবদন্তি গায়ক ছাৰ এলটন জনে ৷ কাৰণ তেওঁ তেওঁৰ প্ৰিয় ফুটবল ক্লাব ৱাটফৰ্ড এফ চিৰ বাবে সদায় উৎকণ্ঠিত আৰু তেওঁ ইয়াত অধিক সময় অতিবাহিত কৰিবলৈ বিচাৰে । সেয়ে তেওঁ ভ্ৰমণটোৰ শেষলৈকে অপেক্ষা কৰিব নোৱাৰে যাতে তেওঁ ইয়াত অধিক সময় অতিবাহিত কৰিব পাৰে আৰু খেলখন চাব পাৰে ৷
ইউকেৰ মনোৰঞ্জন ৱেবছাইট ফিমেল ফাৰ্ষ্টৰ মতে, ডান্সাৰ তথা গায়ক গৰাকীয়ে এই মাহৰ আৰম্ভণিতে ৱাটফৰ্ডৰ ভিকাৰেজ ৰোড খেলপথাৰত তেওঁৰ দুটা অনুষ্ঠানৰ প্ৰথমটো প্ৰদৰ্শন কৰাৰ সময়ত আৱেগিক হৈ পৰিছিল।
১৯৭৬ আৰু ২০০২ চনত ক্লাবটোৰ গৰাকী আৰু বৰ্তমান ক্লাবটোৰ আজীৱন সভাপতি কিংবদন্তি গায়কগৰাকীয়ে অনুষ্ঠান পৰিবেশনৰ সময়ত জনসাধাৰণক এইদৰে কৈছিল: “মই ছয় বছৰ বয়সত প্ৰথমবাৰৰ বাবে ইয়ালৈ আহিছিলো। আপোনালোকৰ হয়তো কোনো ধাৰণা নাই যে এই ক্লাবটো মোৰ আত্মাত কিদৰে সোমাই আছে। মই ইয়াক বহুত ভাল পাওঁ। ই মোৰ জীৱনৰ এটা ডাঙৰ অংশ যি মোৰ জীৱন ৰক্ষা কৰিছিল ৷ মই ইয়াত অধিক সময় অতিবাহিত কৰিবলৈ বিচাৰো আৰু খেলখন চাবলৈ বিচাৰোঁ।”