আমাৰ খাদ্যত কাৰ্ব”হাইড্ৰেটৰ পৰিমাণ বেছি হ’লে সেই কাৰ্বহাই’ড্ৰেট বা শ্বেতসাৰ সম্পূৰ্ণৰূপে দহন নহয় যাৰ ফলত ই সহজে কলেষ্টেৰললৈ ৰূপান্তৰিত হৈ দেহৰ বিভিন্ন অংগত জমা হয়। বহুমূত্ৰ ৰোগীৰ ক্ষেত্ৰত এই কলেষ্ট্ৰেৰল জমা হোৱা প্ৰক্ৰিয়া টো নিৰোগী লোক এজনতকৈ বহুত বেছি হয়। আমাৰ দেহত প্ৰয়োজনতকৈ যদি খাদ্যপ্ৰাণ ‘গ’ কম থাকে তেতিয়াও দেহত কলেষ্টেৰল জমা হ’ব পাৰে।
শৰীৰত অতিৰিক্ত চৰ্বি জমা হ’লেও কলেষ্টেৰল বৃদ্ধি পাব পাৰে। চৰ্বি বা কলেষ্টেৰল হৃাস কৰিবলৈ আমি খোৱা খাদ্যত মনোনিবেশ দিব লাগিব-
১) টেঙা জাতীয় ফল-মূল বিশেষকৈ খাদ্যপ্ৰাণ ‘গ’ যুক্ত ফল-মূল অধিক পৰিমাণে খাব লাগে। দেহত উৎপন্ন হোৱা কলেষ্টেৰলক খাদ্যপ্প্ৰাণ ‘গ’ ই বাইল এচিড লৈ পৰিৱৰ্তন কৰে। গল ব্লাডাৰ ষ্ট’নৰ সাম্ভাব্য বিপদৰ পৰাও ৰক্ষা কৰাত সহায় কৰে।
২) চৰ্বি হৃাস কৰিবৰ কাৰণে বাচমতি চাউলৰ ভাত , বাৰ্লি , সেউজীয়া বুটমাহ , মচুৰ ডাইল আদি খোৱা ভাল। মৌচাকৰ পৰা সংগ্ৰহ কৰা খাঁতি মৌজল প্ৰতিদিনে ৩ চামুচকৈ খাব লাগে। মৌজলৰ লগত আধা কাপ নেমুৰ ৰস মিহলাই খাব পাৰিলে বেছি উপকাৰ পোৱা যায়।
৩) তিতা আৰু জ্বলা খাদ্য বস্তু উপকাৰী।
৪) খাদ্য বস্তু ৰান্ধোতে কম পৰিমাণৰ তেল ব্যৱহাৰ কৰিব লাগে। ঘিউ বা অধিক তেল ব্যৱহাৰ কৰা উচিত নহয়। কম পৰিমাণে সৰিয়হ বা তিল তেলত হালধি , জালুকৰ গুড়া , আদা আদি ব্যৱহাৰ কৰিব লাগে।
৫) গুলঞ্চ লতাৰ ৰস দুই চামুচ , আমলখি নিতৌ ৩ টাকৈ বা আমলখিৰ গুড়া ১ চামুচ ১/৪ কাপ পানীত মিশ্ৰণ কৰি দিনে এবাৰকৈ খাব লাগে।
৬) বন্ধাকবি নিয়মীয়াকৈ খালে চৰ্বি কমে।
৭) কমলা টেঙাৰ ৰস ,আঙুৰৰ ৰস , মাটি কঁঠালৰ ৰস , তেঁতেলী টেঙাৰ চৰ্বত , কাজি নেমুৰ ৰস , গোল নেমুৰ ৰস , আমলখিৰ ৰস , শিলিখাৰ ৰস , পালেং শাকৰ ৰস আদি খোৱা ভাল।
৮) কেঁচা নহৰু ৪ ফুটা ভাতৰ লগত প্ৰতিসাঁজতে খাব লাগে।