২০১৭ চনৰ আদালত অৱমাননাৰ এটা গোচৰত আজি উচ্চতম ন্যায়ালয়ে পলাতক ব্যৱসায়ী বিজয় মালিয়াক চাৰি মাহৰ কাৰাদণ্ড আৰু ২০০০ টকা জৰিমনা বিহে ৷ আদালতৰ নিৰ্দেশ উলংঘা কৰি নিজৰ সন্তানক ৪ কোটি ডলাৰ হস্তান্তৰ কৰাৰ বাবে ২০১৭ চনত তেওঁৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা হৈছিল ৷
ভাৰতীয় ষ্টেট বেংক (এছবিআই)ৰ নেতৃত্বত কেইবাটাও বেংকে দাখিল কৰা কেইবাটাও গোচৰৰ জৰিয়তে মালিয়াৰ বিৰুদ্ধে অৱমাননামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিদেশী ফাৰ্ম ডায়েজিঅ’ৰ পৰা লাভ কৰা ৪ কোটি ডলাৰ জমা কৰিবলৈ তেওঁক নিৰ্দেশ দিবলৈ আদালতত প্ৰার্থনা জনোৱা হৈছিল ৷
বেংকসমূহে অভিযোগ কৰিছিল যে মালিয়াই তথ্য লুকুৱাই ৰখাৰ লগতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে প্ৰদান কৰা নির্দেশ “উলংঘা” কৰি তেওঁৰ পুত্ৰ সিদ্ধাৰ্থ মালিয়া ,কন্যা লিয়ানা মালিয়া আৰু তনয়া মালিয়ালৈ ধন স্থানান্তৰিত কৰিছিল ৷ মালিয়া বন্ধ হৈ পৰা কিংফিচাৰ এয়াৰলাইন্সৰ সৈতে জড়িত ৯,০০০ কোটিৰো অধিক বেংক ঋণ ডিফল্ট গোচৰৰ মূল অভিযুক্ত।