মুম্বাই বিস্ফোৰণৰ অন্যতম অভিযুক্ত আবু চালেমক মুক্তি দিব লগীয়া হ’ব পাৰে ভাৰত চৰকাৰে ৷ বিশেষকৈ প্ৰত্যপর্ণৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি তেওক মুক্তি দিবলগীয়া হ’ব পাৰে ৷ এই সন্দর্ভত উচ্চতম ন্যায়ালয়ে সোমবাৰে কয় যে কেন্দ্ৰই পৰ্তুগালক দিয়া প্ৰতিশ্ৰুতিক সন্মান জনাব লাগে আৰু ১৯৯৩ চনৰ মুম্বাই বিস্ফোৰণৰ গোচৰত গেংষ্টাৰ আবু চালেমৰ ২৫ বছৰৰ কাৰাদণ্ড সম্পূৰ্ণ হোৱাৰ পিছত মুকলি কৰি দিয়াটো বাধ্যতামূলক। ২০০২ চনত প্ৰত্যৰ্পণ কৰাৰ বাবে ভাৰতে পৰ্তুগালক দিয়া প্ৰতিশ্ৰুতি অনুসৰি তেওঁৰ শাস্তি ২৫ বছৰৰ অধিক হ’ব নোৱাৰে বুলি ছালেমে প্ৰকাশ কৰিছে ৷
এখন খণ্ড বিচাৰপীঠে কয় যে, “প্ৰয়োজনীয় কাগজ-পত্ৰসমূহ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ এমাহৰ ভিতৰত প্ৰেৰণ কৰা হওক। প্ৰকৃততে চৰকাৰে নিজেই ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত এমাহৰ ভিতৰত চি আৰ পি চিৰ অধীনত ৰেমিছনৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰে।”
২০১৫ চনৰ ২৫ ফেব্ৰুৱাৰীত ১৯৯৫ চনত মুম্বাইৰ বিল্ডাৰ প্ৰদীপ জৈনক তেওঁৰ চালক মেহেন্দী হাছানৰ সৈতে হত্যা কৰাৰ আন এক গোচৰত চালেমক আজীৱন কাৰাদণ্ডৰ ৰায়দান কৰিছিল বিশেষ টাডা আদালতে।১৯৯৩ চনৰ মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণৰ গোচৰতো দোষী চালেমক দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত ২০০৫ চনৰ ১১ নৱেম্বৰত পৰ্তুগালৰ পৰা প্ৰত্যৰ্পণ কৰা হৈছিল।