নগাঁও জিলাত হোৱা দ্বিতীয়টো বানে জিলাখনৰ সদৰ,ৰহা আৰু কামপুৰ ৰাজহ চক্ৰৰ তিনি শতাধিক গাঁৱৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ বৰ্তমান পানী শুকাবলৈ আৰম্ভ কৰিছে যদিও বহু বানাক্ৰান্তই নিজৰ আপোন ঘৰ খনলৈ উভতি যাব পৰা নাই ৷ যুদ্ধত বিধ্বস্ত হৈ পৰা ঠাইৰ দৰে এই বানাক্ৰান্ত গাঁওসমূহ বিধ্বস্ত হৈ পৰা পৰিলক্ষিত হৈছে । বিশেষকৈ কামপুৰত প্ৰতিফলিত হৈছে এখন কৰুণ ছবি ৷ ঠাই বিশেষে গাঁওসমূহ বানমুক্ত হৈছে যদিও এতিয়া বহু গাঁও বানপানীৰ কবলতে আছে । বৃহত্তৰ কামপুৰ অঞ্চলত এইবাৰ হোৱা প্ৰলয়ংকৰী বানে মহতিয়াই নিয়াৰ ফলত সপোনৰ ঘৰ-বাৰী সা-সম্পত্তি প্ৰায় নিছিন্ন হৈ পৰিছে ৷ কপিলী,নিশাৰী,বৰপানী নদীৰ বাঢ়নী পানীয়ে বিঘাই-বিঘাই কৃষি ভূমি বিনষ্ট কৰি পেলোৱাৰ ফলত চলিত বানত কামপুৰ অঞ্চলৰ বকুলগুৰি,বুকলুং,মিনাৰপাম,মেধীগাঁও,দাপাৰা,গোসাইগাঁও আদি গাঁওসমূহত এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হৈছে ৷ এতিয়াও এই ঠাইবোৰত বানে ভাঙি পেলোৱা ঘৰসমূহৰ সামগ্ৰী য’তে -ত’তে পৰি আছে ৷ একাংশ বানাক্ৰান্তই পানী শুকোৱাৰ পাছত নিজৰ আপোন ঘৰলৈ গৈ নেদেখিলে তেওঁলোকৰ সপোনৰ ঘৰখন ৷ যাৰ বাবে বহুলোক গৃহহাৰা হৈ পৰিছে ৷ একেই পৰিৱেশ সৃষ্টি হৈছে ৰহা আৰু নগাঁও সদৰ ৰাজহ চক্ৰৰ কিছু কিছু ঠাইত ৷ ইপিনে কামপুৰৰ বকুলগুৰিত সৃষ্টি হৈছে খহনীয়া ৷ কপিলীৰ বানে খহাই নিলে কোটি টকীয়া জিঅ’ বেগৰ বান্ধ ৷ নদীৰ পলসে পুতি পেলোৱা ঘৰ-বাৰী, ৰাস্তা-ঘাটৰ বাবে আজিও জিলাখনৰ গৰুবাট,জৰাবাৰী মৌজাৰ শ শ বানাক্ৰান্ত পথৰ ওপৰতেই আশ্ৰয় লৈ থকা দেখা গৈছে ৷ বহুলোকৰ ঘৰত একাঠু পানী থকাত এই লোকসকল ঘৰলৈ উভতিব পৰা নাই । বান পৰিস্থিতি উন্নত হৈছে যদিও জিলাখনৰ ১৩০ খন গাঁও বানৰ কবলত আছে ৷ ইয়াৰ ভিতৰত কামপুৰ ৰাজহ চক্ৰৰ ২৯ খন,নগাঁও ৰাজহ চক্ৰৰ ৭খন,ৰহা ৰাজহ চক্ৰৰ ৯২খন আৰু চামগুৰি ৰাজহ চক্ৰৰ ২খন গাঁও আছে ৷ জিলা দুৰ্যোগ প্ৰশমন বিভাগে জনোৱা তথ্য অনুসৰি দিনটোত জিলাখনত ১,৪৫,৫৪৭গৰাকী লোক বানত আক্ৰান্ত হৈ আছে ৷ ইয়াৰ ভিতৰত ৪২,৫৭১গৰাকী শিশুও আছে । জিলাখনত ৮০১২.৫৪হেক্টৰ কৃষিভূমি পানীত বুৰ গৈ আছে ৷ জিলাখনত সক্ৰিয় হৈ থকা ২২টা আশ্ৰয় শিবিৰত ৬৫৪৫ গৰাকী লোক আশ্ৰয় লৈ আছে ৷ ইয়াৰ ভিতৰত ১৬৭৪ টা শিশু আৰু ৭৬ গৰাকী গৰ্ভাৱতী আৰু শিশুক দুগ্ধপান কৰা মহিলাও আছে । সূত্ৰটোৱে জনোৱা মতে ৰহা ৰাজহ চক্ৰৰ এলেকাত মতিবুৰ ৰহমান নামৰ এজন লোকৰ পৰহি পানীত পৰি মৃত্যু হৈছে ৷ আনহাতে নগাঁও জনসম্পদ বিভাগে আজি পুৱা দিয়া তথ্য অনুসৰি জিলাখনৰ নদী সমূহৰ জলস্তৰ বহুখিনি হ্ৰাস পাইছে । জিলাখনৰ শিলঘাটত ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ ৮৩ ছেন্টিমিটাৰ,কামপুৰত কপিলী বিপদসীমাৰ ১.৯৫ মিটাৰ তলেৰে বৈ আছে ৷ নগাঁও চহৰত কলং নৈ বিপদসীমাৰ ৩১ছেন্টিমিটাৰ ওপৰৰে বৈ আছে আৰু ৰহাত বিপদসীমাৰ ৮৩ ছেন্টিমিটাৰ তলেৰে বৈ আছে । নিশালৈ এই নদীসমূহৰ জলস্তৰ আৰু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ।