চফগুটি আমি প্ৰায় সকলোৱে খাওঁ। অসমীয়া সমাজৰ তামোল-পাণ’ৰ ঠাই দখল কৰি পেলাইছে ছফগুটিয়ে । বিয়া -সবাহত তামোল-পাণতকৈ ছফগুটিয়ে বেছি প্ৰাধান্য পোৱা দেখা যায়। বিয়া সকাম বোৰত কণ কণ লৰা-ছোৱালীৰ মূল আকৰ্ষণ ছফগুটি। অকল কণ কণ লৰা-ছোৱালীয়ে নহয় , সকলোৱে যেন হাতত অকণমান ছফগুটি লৈহে বিয়া ঘৰৰ পৰা ওলাই আহে।ছফগুটি অকল মুখৰচকেই নহয় ইয়াৰো আছে বহুতো ঔষধি গুণ।জানো আহকচোন চফগুটিৰ বিষয়ে-
১) বীজ আৰু পাত ব্যৱহাৰ হয়। বীজ হজমী কাৰক।
২) কোনো খাদ্য খোৱাৰ পাছত হজম কৰিবৰ কাৰণে আৰু মুখ শুদ্ধি হিচাপে বীজ খোৱা হয়।
৩) চফগুটি মূত্ৰ নিঃসাৰক আৰু শক্তিদায়ক।
৪) বদহজমী আৰু পিত্ত ৰোগত চফগুটি ভাজি ভাত খোৱাৰ পাছত চোবাই খাব লাগে।
৫) কোষ্ঠকাঠিন্য হ’লে চফগুটি গুড়া এক চামুচ , শুকান আদা আৰু নিমখ এটিপা মিহলি কৰি পানীৰ লগত ৰাতি শোৱাৰ সময়ত খাব লাগে।
৬) পেটৰ বিষ ,পেটচলা ৰোগত চফগুটি উপকাৰী।
৭) চফগুটি খালে কফ বাহিৰ হয়।
৮) চফগুটিয়ে হৃদযন্ত্ৰ শক্তিশালী কৰে।
৯) চফগুটি টনিক হিচাপে ব্যৱহাৰ হয়।
১০) চফগুটি খালে হাকোটা পেলু নোহোৱা হয়।