আজি অসমৰ শিশু-সাহিত্যৰ জগতখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষ বৰঙণি যোগোৱা কৰুণাভিৰাম বৰুৱাৰ স্মৃতি দিৱস । অসমৰ এগৰাকী প্ৰবাদ-পুৰুষ গুণাভিৰাম বৰুৱা আৰু বিষ্ণুপ্ৰিয়া দেৱীৰ তেওঁ বৰপুত্ৰ আছিল । মাথোঁ ১৯ বছৰীয়া জীৱনকালতে তেওঁ অসমৰ প্ৰথমখন শিশু-আলোচনী ‘ল’ৰাবন্ধু’ৰ সম্পাদনাৰ দায়িত্ব পালন কৰিছিল । তেওঁ আছিল ‘ল’ৰাবন্ধু’ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক । ১৮৯৩ চনৰ আজিৰ দিনটোতে তেওঁৰ অকাল মৃত্যু ঘটে । এইগৰাকী কাণ্ডাৰীলৈ আমাৰ প্ৰণাম ।
আজি বিশ্ববিখ্যাত কবি পাবলো নেৰুদাৰ ওপজা দিন । ১৯০৪ চনৰ আজিৰ দিনটোতে চিলিৰ পেৰল নামৰ ঠাইত তেওঁৰ জন্ম হৈছিল । তেওঁৰ প্ৰকৃত নাম আছিল নেটফালি ৰিকাৰ্ডো ৰেইছ বাছোলাটো । তেওঁ প্ৰথমতে পাবলো নেৰুদা ছদ্মনাম লয় যদিও পিছলৈ তাকেই আইনী নাম কৰি লয় । তেওঁ ছদ্মনাম লোৱাৰ মূলতে আছিল পিতৃৰ তেওঁৰ কবিতাৰ প্ৰতি থকা অসন্তুষ্টি । কিশোৰ অৱস্থাৰ পৰাই তেওঁ কবিতা লিখিছিল আৰু প্ৰায়েই সেউজীয়া চিয়াহীৰে লিখিছিল । দহ বছৰ বয়সতে লিখা তেওঁৰ প্ৰথম কবিতাটো আছিল সতীয়া মাকক লৈ লিখা । ১৯২৩ চনত তেওঁৰ প্ৰথমখন কবিতা পুথি প্ৰকাশ পায় । তাৰ পিছত তেওঁ ভালেসংখ্যক গল্প, কবিতা, উপন্যাস আৰু প্ৰবন্ধ সংকলন প্ৰকাশ কৰে । ভাৰতৰ প্ৰতি তেওঁৰ বিশেষ আন্তৰিকতা আছিল । তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাত যোগ দিছিল, য’ত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু আদি নেতাসকলক লগ পাইছিল । তেওঁ ৰবীন্দ্ৰ নাথ ঠাকুৰক লগ ধৰিবলৈ কলিকতালৈও আহিছিল । ১৯৭১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।