আজি বিশিষ্ট লেখিকা আশাপূৰ্ণা দেৱীৰ স্মৃতি দিৱস । তেওঁ এগৰাকী ঔপন্যাসিক, চুটিগল্পকাৰ তথা শিশু-সাহিত্যিক । কুৰি শতিকাৰ আগভাগৰ বঙালী সমাজ ব্যৱস্থাত ছোৱালীয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰাত বাধা থকা বাবে তেওঁ আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হৈছিল যদিও তেওঁ নিজা প্ৰচেষ্টাৰে বাংলা ভাষা শিকি নিজস্ব প্ৰখৰ অন্তৰ্দৃষ্টি আৰু সূক্ষ্ম পৰ্যৱেক্ষণ শক্তিৰে সাহিত্য ৰচনা কৰি বাংলা সাহিত্যৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ লেখিকাৰ আসন লাভ কৰিবলৈ সক্ষম হৈছিল । তেওঁ ৰচনা কৰা প্ৰথম প্ৰতিশ্ৰুতি, সুবৰ্ণলতা আৰু বকুলকথা উপন্যাসত্ৰয়ীক কুৰি শতিকাৰ বাংলা সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যকৃতি হিচাপে গণ্য কৰা হয় । তেওঁ জীৱনকালত প্ৰায় পোন্ধৰশ চুটিগল্প আৰু দুশ পঞ্চাশৰো অধিক উপন্যাস ৰচনা কৰিছিল । পশ্চিম বংগ চৰকাৰে তেওঁক ৰাজ্যখনৰ সৰ্বোচ্চ সন্মান ৰবীন্দ্ৰ পুৰস্কাৰ প্ৰদান কৰে । তেওঁ পদ্মশ্ৰী সন্মানো লাভ কৰে । ১৯৭৬ চনত তেওঁৰ ‘প্ৰথম প্ৰতিশ্ৰুতি’ নামৰ উপন্যাসখনৰ বাবে ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটাও তেওঁ লাভ কৰিছিল । তেওঁ আছিল জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী লেখিকা । ১৯৯৫ চনৰ আজিৰ দিনটোতে কলকাতাত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী বিদূষী লেখিকালৈ আমাৰ প্ৰণাম ।
আজি নেপালী সাহিত্য জগতৰ আদিকবি ভানুভক্ত আচাৰ্যৰ ওপজা দিন । ১৮১৪ চনৰ আজিৰ দিনটোতে নেপালৰ পশ্চিম প্ৰান্তৰ তনহু জিলাৰ ৰমঘা গাঁৱত তেওঁৰ জন্ম হৈছিল । তেওঁ পোন প্ৰথমে ৰামায়ণৰ ভাবানুবাদ কৰিছিল । তেওঁৰ এই ‘আধ্যাত্ম ৰামায়ণ’ আজিও জনপ্ৰিয় । কবি মোতিৰাম ভট্টই তেওঁৰ জীৱনী ৰচনা কৰি তেওঁক ‘আদিকবি’ আখ্যা দিছিল । ভানুভক্তৰ সাহিত্য কৃতিৰ ভিতৰত ভানুভক্ত ৰামায়ণ, ভক্তমালা, ৰাম গীতা, বধুশিক্ষা, প্ৰশ্নোত্তৰ মণিৰত্নমালা আদি উল্লেখযোগ্য । আজিৰ দিনটো ভানু জয়ন্তী হিচাপে পালন কৰা হয় । এইগৰাকী অগ্ৰণী কবিলৈ আমাৰ প্ৰণাম ।