জাগীৰোডলৈ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ বিষয়টোৱে উদিগ্ন কৰি তুলিছে মধ্য অসমৰ জাতীয় দল-সংগঠনক । সেয়ে সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত গঠন কৰা হৈছে যৌথ মঞ্চ । এই যৌথ মঞ্চই ৰাজধানী সম্প্ৰসাৰণৰ বিষয়টো বিৰোধিতা কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কাৰ্যসূচী হাতত লৈছে । কাৰণ ৰাজ্যৰ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ হ’লে খিলঞ্জীয়াৰ হাতত নাথাকিব ভূমিৰ অধিকাৰ । ভংগ হ’ব ট্ৰাইবেল বেল্ট এণ্ড ব্লক । অস্তিত্বৰ সংকটে দেখা দিব মধ্য অসমৰ জনজাতি লোকসকলৰ । সেয়ে ইয়াৰ বিৰোধিতা কৰি কালি সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত আছু,অজাযুছাপ, বীৰ লাচিত সেনা,আদিবাসী ছাত্ৰ সন্থা,কাৰ্বি ছাত্ৰ সন্থাকে আদি কৰি মুঠ ১৩টি সংগঠনক লৈ গঠন কৰে যৌথ মঞ্চ । যাৰ জৰিয়তে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন চলাই যোৱাৰ পোষকতা কৰে ।
সেয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ৰাজধানী সম্প্ৰসাৰণ বিষয়টো পুনৰ বিবেচনা কৰিবৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যৌথ মঞ্চই । ইয়াৰ উপৰি যৌথ মঞ্চই এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে । যাৰ অংশ ৰূপে অহা ১৫জুলাইত ৰূপায়ণ কৰা হ’ব পথ অৱৰোধ কাৰ্যসূচী । নগাঁও জিলাৰ ৰহাৰ লগতে মৰিগাঁও জিলাৰ জাগীৰোড আৰু কামৰূপ জিলা(গ্ৰাম্য)ৰ সোণাপুৰত একেলগে গ্ৰহণ কৰিছে পথ অৱৰোধ কাৰ্যসূচী যৌথ মঞ্চই । ইয়াৰ পাছতো যদি ৰাজ্য চৰকাৰে সিদ্ধান্ত বাতিল নকৰে তেন্তে পহিলা আগষ্টৰ পৰা ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছে যৌথ মঞ্চই । কাৰণ ৰাজধানী সম্প্ৰসাৰণ হোৱাৰ লগতে সমান্তৰালভাৱে গুৱাহাটীৰ পৰা জাগীৰোডলৈ নিৰ্মাণ কৰা হ’ব আঠ শাৰীযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ । এনে পৰিপ্ৰেক্ষিতত তিৱা লোকসকলৰ ভূমিৰ বিলুপ্ত হোৱাৰ লগতে “ট্ৰাইবেল বেল্ট এণ্ড ব্লক” ভংগ হৈ পৰিব । সেয়ে চৰকাৰৰ এই সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব বুলি হুংকাৰ দিছে যৌথ মঞ্চই ।