আজি বিশিষ্ট কবি নৱকান্ত বৰুৱাৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে কবি, ঔপন্যাসিক, শিশু-সাহিত্যিক, গীতিকাৰ, অভিধান ৰচোঁতা, চিত্ৰকৰ আৰু শিক্ষাবিদ । তেওঁৰ ৯ বছৰ বয়সতে প্ৰথমটো কবিতা প্ৰকাশ পাইছিল বিৰিঞ্চি কুমাৰ বৰুৱা সম্পাদিত শিশু-আলোচনী ‘অকণ’ত । তাৰ পিছত সুৰভি, জয়ন্তী, পছোৱা আদিৰ পাতত তেওঁৰ কবিতা প্ৰকাশ পাবলৈ ধৰে । তেওঁৰ কবিতা পুথিসমূহৰ ভিতৰত হে অৰণ্য হে মহানগৰ, এটি দুটি এঘাৰটি তৰা, সম্ৰাট, ৰাৱণ, মোৰ আৰু পৃথিৱীৰ আদি উল্লেখযোগ্য । কপিলীপৰীয়া সাধু, মানুহ আটাইবোৰ দ্বীপ, গৰমা কুঁৱৰী আদি উপন্যাসৰ ৰচক নৱকান্ত বৰুৱাই ১৯৭৫ চনত ‘ককাদেউতাৰ হাড়’ নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । মৰুৱা ফুল, ভত ঊ-কাৰে ভূ, শিয়ালী পালেগৈ ৰতনপুৰ, কিশোৰ ৰামায়ণ, আখৰৰ জখলা আদি তেওঁৰ শিশু উপযোগী পুথি । শিশু-সাহিত্যৰ জগতখনত তেওঁ এখুদ ককাইদেউ নামেৰে খ্যাত । ‘মনৰ খবৰ’ তেওঁৰ গীতৰ সংকলন । ‘অসমীয়া ছন্দ শিল্পৰ ভূমিকা’ আৰু ‘কবিতাৰ দেহবিচাৰ’ তেওঁৰ আলোচনামূলক গ্ৰন্থ । হুইটমেনৰ এশ কবিতা, ৰবীন্দ্ৰনাথ চয়নিকা, সুমিত্ৰানন্দ পন্তৰ কবিতা আদি অনুবাদ গ্ৰন্থৰ এই স্ৰষ্টাগৰাকীয়ে পুস্কিনৰ কবিতাৰ অনুবাদৰ বাবে ‘ছোভিয়েট দেশ নেহৰু বঁটা’ৰেও সন্মানিত হৈছিল । জগন্নাথ বৰুৱা কলেজত শিক্ষক হিচাপে যোগদান কৰি কটন কলেজৰ উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰা নৱকান্ত বৰুৱাই পদ্মভূষণ সন্মানৰ উপৰি অসম উপত্যকা সাহিত্য বঁটাৰেও সন্মানিত হৈছিল । ১৯৯০ চনত বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ২০০২ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সংগীত শিল্পী মুকুল বৰুৱাৰ স্মৃতি দিৱস । তেওঁ আছিল অসমৰ এগৰাকী জনপ্ৰিয় গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আৰু সংগীত পৰিচালক । কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ আজোনাতি আৰু কবি নলিনীবালা দেৱীৰ নাতি মুকুল বৰুৱাৰ সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল । নিজৰ ঘৰখনতে বিৰাজ কৰা সংগীতৰ পৰিৱেশৰ পৰাই তেওঁ সংগীত আয়ত্ত কৰিছিল । ১৯৪৮ চনত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠাকালতেই তেওঁ আকাশবাণীৰ চাকৰিত যোগদান কৰে । তেওঁ ৰচনা কৰা কেইটামান প্ৰখ্যাত গীত হ’ল — আই তোক কিহেৰে পূজিমে, টোপাটোপে কপালৰ ঘাম যদি নসৰে, ছৈ দিয়া গৰু-গাড়ীত কাৰ বিয়া যায় ইত্যাদি । তেওঁ সুৰ দিয়া সৌ সীমাৰ সিপাৰে তৃপ্তি আমাৰ মাজত তৃষাৰে নৈ, মোক এটি সুৰ কৰি তোলা তোমাৰ প্ৰেমেৰে, হাতো নেমেলিবি ফুল নিছিঙিবি, ইৰিকটি মিৰিকটি বাঁহৰ শলা আদি গীতসমূহ অতি জনপ্ৰিয় । তেওঁ সৰাপাত, তেজীমলা, কোলাহল আদি চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল । ১৯৯৭ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী সংগীতজ্ঞলৈ আমাৰ প্ৰণাম ।