সোমবাৰ,১৮ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদ অধিবেশনৰ পূৰ্বে সংসদৰ বাবে অযোগ্য বুলি গণ্য কৰি শব্দৰ তালিকাত অসংসদীয় হিচাপে তালিকাভুক্ত হ’ল ভালেসংখ্যক শব্দ ৷
ইয়াকে লৈ বিৰোধী আইন প্ৰণেতাসকলে তাৎক্ষণিক প্ৰতিবাদ আৰম্ভ কৰিছে যিয়ে কয় যে ই তেওঁলোকৰ চৰকাৰক সমালোচনা কৰাৰ সামৰ্থ্যত বাধা দিব ৷কিয়নো লোকসভা সচিবালয়ে দুয়োখন সদনৰ বাবে অসংসদীয় শব্দতালিকাভুক্ত কৰি এখন নতুন পুস্তিকা প্ৰকাশ কৰিছে।
সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদীয় অধিৱেশনৰ আগতে অহা পুস্তিকাখনত কোৱা হৈছে যে ‘নৈৰাজ্যবাদী’, ‘শকুনি’, ‘স্বৈৰাচাৰী’, ‘তানাশাহী’, ‘জয়চান্দ’, ‘বিনাশ পুৰুষ’, ‘খলিস্তানি’ আৰু ‘খুন চে খেতি’ৰ দৰে শব্দবোৰ বিতৰ্কৰ সময়ত বা অন্য সময়ত পৰিত্যাগ কৰা হ’ব।’দোহৰা চৰিত্ৰ’, ‘নিকম্মা’, ‘নৌটঙ্কি’, ‘ধিন্দোৰা পিটনা’ আৰু ‘বেহৰি চৰকাৰ’আদি শব্দবোৰো একে ধৰণেৰেই বৰ্জন কৰা হ’ব সংসদত ।
অৱশ্যে, ৰাজ্যসভাৰ অধ্যক্ষ আৰু লোকসভাৰ অধ্যক্ষইহে শব্দ আৰু অভিব্যক্তি আঁতৰ কৰাৰ ক্ষেত্ৰত শেষৰ মন্তব্য আগবঢ়াব।
এই আদেশটোৱে বিৰোধীদলৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে ৷ আনহাতে তৃণমূলৰ ডেৰেক অ’ব্ৰায়েনে মুকলি প্ৰত্যাহ্বান প্ৰদান কৰি কয় যে তেওঁ শব্দবোৰ ব্যৱহাৰ কৰি থাকিব।
Session begins in a few days
GAG ORDER ISSUED ON MPs.
Now, we will not be allowed to use these basic words while delivering a speech in #Parliament : Ashamed. Abused. Betrayed. Corrupt. Hypocrisy. Incompetent
I will use all these words. Suspend me. Fighting for democracy https://t.co/ucBD0MIG16
— Derek O'Brien | ডেরেক ও'ব্রায়েন (@derekobrienmp) July 14, 2022
ইফালে তৃণমূলৰ সাংসদ মহুয়া মৈত্ৰাই টুইট কৰি কয়, “আপুনি বুজাইছে যে মই লোকসভাত থিয় হ’ব নোৱাৰো আৰু ভাৰতীয়সকলক কেনেকৈ এক অক্ষম চৰকাৰে বিশ্বাসঘাতকতা কৰিছে সেই বিষয়ে কথা পাতিব নোৱাৰো যি তেওঁলোকৰ ভণ্ডামিৰ বাবে লজ্জিত হোৱা উচিত?”
অৱশ্যে লোকসভা সচিবালয়ৰ তালিকাত এটা সতৰ্কবাণী অন্তৰ্ভুক্ত আছে যে, সংসদীয় কাৰ্যক্ৰমৰ সময়ত কোৱা আন শব্দৰ সৈতে পঢ়া নহ’লে কিছুমান শব্দ অসংসদীয় বুলি গণ্য কৰা নহ’ব পাৰে।
শব্দসমূহৰ তালিকাত ইংৰাজী বা হিন্দী দুয়োখন সদনত অধ্যক্ষৰ বিৰুদ্ধে কৰা যিকোনো অপবাদও অন্তৰ্ভুক্ত আছে, যাক অসংসদীয় বুলি গণ্য কৰা হ’ব আৰু সংসদৰ ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হ’ব।
অসংসদীয় হিচাপে তালিকাভুক্ত হোৱা তেনে কিছু অন্যান্য শব্দ হ’ল-
ক’ভিড স্প্ৰেডাৰ’, ‘ফুলিচ’, ‘গাড্ডাৰ’, ‘হিপ’ক্ৰেছি’, ‘তানাছাহী’, ‘নৌটংকী’, ‘কালা দিন’, ‘খালিস্তানী’, ‘বেহৰি চৰকাৰ’, ‘ব্লাডী’ ‘ববকাট’, ‘ড্ৰামা’, ‘ঘঁৰিয়ালৰ চকুপানী’, ‘চাইল্ডিছনেছ’, ‘কৰাপ্ট’, ‘কাৱাৰ্ড’, ‘অপৰাধী’, ‘দাদাগিৰি’, ‘দালাল’, ‘ডংগা’, ‘ডিক্টেটৰীয়েল’, ‘গাধ’, ‘বাহানা’, ‘জুমলাজীৱী’, ‘শকুনি’, ‘এনাৰছিষ্ট’, ‘বালবুদ্ধি’, ‘খুন ছে খেতি’আদি ৷
বুকলেটৰ মতে, বিনাশ পুৰুষ’, ‘ধিন্দৌৰা পিটনা’, ‘নিকম্মা’, ‘ব্লাডশ্বেড’, ‘বিট্ৰেইড’, ‘এছেমড’, ‘এবিউজ’, ‘চিটেড’, ‘চামচা’, ‘চামচাগিৰি’, ‘ক্ৰিমিনেল’ আদি শব্দ সংসদত কৰিব নোৱাৰিব প্ৰয়োগ।
ইয়াৰ উপৰি ‘ডিছগ্ৰেচ’, ‘আইৱাশ্ব’, ‘হুলিগেনিজম’, ‘ইনকম্পেটেণ্ট’, ‘মিছলিড’, ‘আনট্ৰু’ আদি শব্দকো সংসদত অসাংবিধানিক হিচাপে গণ্য কৰা হ’ব। লগতে সংসদত ক’ব নোৱাৰিব, ‘গুনছ’, ‘অসত্য’, ‘অহংকাৰ’, ‘কলা বাজাৰী’, ‘দোহৰা চৰিত্ৰ’, ‘ছেক্সুৱেল হাৰাছমেণ্ট’, ‘পিত্থু’, ‘গিৰগিট’, ‘বেচাৰা’, ‘ললীপপ’, ‘বিশ্বাসঘাত’, ‘সংবেদনহীন’ আদি শব্দও ।