কানাডাত অণ্টাৰিঅ’ৰ ৰিচমণ্ড হিলৰ বিষ্ণু মন্দিৰত দুৰ্বৃত্তই মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিক লক্ষ্য কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ভাৰতীয় সম্প্ৰদায়ক সন্ত্ৰাসিত কৰিব বিচৰা ঘৃণামূলক অপৰাধৰ বাবে গভীৰভাৱে দুখ প্ৰকাশ কৰিছে কানাডাৰ উচ্চআয়োগে ৷
জানিবপৰা মতে ৰিচমণ্ড হিলৰ বিষ্ণু মন্দিৰত অৱস্থিত মহাত্মা গান্ধীৰ সেই পাঁচ মিটাৰ ওখ মূৰ্তিটো প্ৰায় ৩০ বছৰ পুৰণি ।অণ্টাৰিঅ’ৰ ৰিচমণ্ড হিল চহৰত বুধবাৰে মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তিক লক্ষ্য কৰাৰ পিছত কানাডাৰ উচ্চআয়োগে এক টুইটযোগে কয় যে “ভাৰতীয় সম্প্ৰদায়ক সন্ত্ৰাসিত কৰিব বিচৰা ঘৃণামূলক অপৰাধৰ বাবে ভাৰত গভীৰভাৱে দুখিত”। উক্ত বিষয়টোত দ্ৰুত তদন্ত বিচৰা হৈছে।
আনহাতে ঘটনা সন্দৰ্ভত ভাৰতীয় উচ্চআয়োগে এক টুইটযোগে কয়”ভাৰতীয় সম্প্ৰদায়ক সন্ত্ৰাসিত কৰিব বিচৰা এই ঘৃণামূলক অপৰাধৰ বাবে আমি গভীৰভাৱে দুখিত। ইয়াৰ ফলত ইয়াত ভাৰতীয় সম্প্ৰদায়ত উদ্বেগ আৰু নিৰাপত্তাহীনতা বৃদ্ধি পাইছে। আমি তদন্ত কৰিবলৈ আৰু অপৰাধীসকলক দ্ৰুততাৰে ন্যায়ৰ সন্মুখীন হোৱাটো নিশ্চিত কৰিবলৈ কানাডা চৰকাৰৰ কাষ চাপিছো,” ।
পাঁচ মিটাৰ ওখ এই মূৰ্তিটো বিষ্ণু মন্দিৰত বিকৃত কৰা হৈছিল ৷আৰক্ষীয়ে কৈছিল যে তেওঁলোকে ইয়াক “ঘৃণাপক্ষপাতৰ অনুপ্ৰেৰিত ঘটনা” বুলি বিবেচনা কৰে।এনেধৰণৰ লোকসকলক আইনে বিচাৰ কৰিব,” ইয়ৰ্ক আঞ্চলিক আৰক্ষীৰ মুখপাত্ৰ এমি বুড্ৰুৱে এক প্ৰতিবেদনত এইদৰে কয়।লগতে তেওঁ কয় যে, “য়ৰ্ক আঞ্চলিক আৰক্ষীয়ে ঘৃণামূলক অপৰাধ কোনো প্ৰকাৰে সহ্য নকৰে।”
আনহাতে টৰণ্টোত থকা ভাৰতৰ কনচুলেট জেনেৰেলৰ কাৰ্যালয়ে উক্ত ঘটনা সন্দৰ্ভত টুইট কৰি কয় , ‘’ৰিচমণ্ড হিলৰ বিষ্ণু মন্দিৰত মহাত্মা গান্ধীৰ মূৰ্তি কলুষিত কৰাৰ বাবে আমি দুখিত। এই অপৰাধমূলক, ঘৃণনীয় কাৰ্যই কানাডাৰ ভাৰতীয় সম্প্ৰদায়ৰ অনুভূতিক গভীৰভাৱে আঘাত কৰিছে। এই ঘৃণামূলক অপৰাধৰ তদন্তৰ বাবে আমি কানাডিয়ান কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছোঁ” ৷