আদা মছলা জাতীয় উদ্ভিদ। আদাক আমি মছলা হিচাপে ব্যৱহাৰ কৰি অতি উপকাৰ পাব পাৰোঁ। আদা আয়ুৰ্বেদীয় প্ৰায়বিলাক ঔষধ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। মৰাণ আদা সাধাৰণতে অলপ শুকান ধৰণৰ হয়। বাকলি এৰুৱালে মাংস প্ৰায় নাথাকেই যদিও মৰাণ আদা ঔষধি গুণেৰে ভৰপূৰ। জানো আহকচোন মৰাণ আদাৰ বিষয়ে-
১) মৰাণ আদা হজমীকাৰক। এই আদা খালে হজম শক্তি বাঢ়ে।
২) মৰাণ আদা খালে কফ নোহোৱা কৰে আৰু শ্বাস -প্ৰশ্বাস ৰোগত উপকাৰী।
৩) মৰাণ আদা জ্বৰ নাশক আৰু মৰাণ আদাই গাৰ বিষ নোহোৱা হয়।
৪) শুকান মৰাণ আদাই কফ বাহিৰ কৰাত সহায় কৰে
৫) মৰাণ আদা কৰ্কট ৰোগ প্ৰতিৰোধক।
৬) মৰাণ আাদাই শৰীৰত তেজ বৃদ্ধি কৰিব পাৰে।
৭) মৰাণ আদাই মুখৰ গোন্ধ নোহোৱা কৰে।
৮) মৰাণ আদাই গৰল ৰোগ ভাল কৰিব পাৰে।
৯) মৰাণ আদা সৌন্দৰ্যবোধক। মৰাণ আদাই চুলি সৰা বন্ধ কৰে আৰু চুলিৰ উজ্বলতা বঢ়ায়।
১০) মৰাণ আদা মুখশুদ্ধি। এই আদাখালে দাঁতৰ বিষ ভাল হয়।
১১) মৰাণ আদাই ৰক্ত পৰিষ্কাৰ কৰে আৰু ই কণ্ঠ আৰু জিভা পৰিষ্কাৰ কৰে।
১২) মৰাণ আদাই খাদ্যনলীৰ সংক্ৰমণ নাশ কৰিব পাৰে।