আজি গুৱাহাটীৰ ৰে’ল আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চোৰাং সোণ জব্দ কৰাৰ লগতে এই সন্দৰ্ভত এজন ব্যক্তিক আটক কৰে।সম্ভাৱ্য চোৰাং ব্যৱসায়ৰ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আজি গুৱাহাটী ৰে’ল ষ্টেচনত চোৰাং সোণসহ ব্যৱসায়ীজনক আটক কৰা হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
আটকাধীন চোৰাং ব্যৱসায়ীজন ৰাজধানী এক্সপ্ৰেছেৰে গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে ধৰা পৰিছিল।আৰক্ষী বিষয়াসকলৰ মতে, ২৭ বছৰীয়া চোৰাং ব্যৱসায়ীজন নতুন দিল্লীৰ বদৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বদৰপুৰ গাঁৱৰ সুখাদেও শ্বামাৰাও দাবাদেৰ পুত্ৰ বিশাল সুখাদেও দাবাদে।
ইফালে, বিষয়াসকলে জানিবলৈ দিছে যে ইতিমধ্যে প্ৰায় ৮২২ গ্ৰাম ওজনৰ দুটা দীঘল স্কেলৰ আকাৰৰ প্ৰায় ১৩ টা সোণৰ বিস্কুট জব্দ কৰা হৈছে আৰু জব্দ হোৱা সোণখিনিৰ মূল্য প্ৰায় ৫০লাখ টকা ৷
বিষয়াসকলে লগতে ইয়াকো জনাইছে যে চোৰাং ব্যৱসায়ীজনে ৰাজধানী এক্সপ্ৰেছ ৰে’ল নম্বৰ ১২৪২৩, কোচ বি৫ৰ ৫৯নম্বৰ আসনত দিল্লীৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিছিল।
অৱশ্যে উক্ত ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত ৷