একেৰাহে চতুর্থবাৰৰ বাবে দেশৰ সর্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে খিতাপ লাভ কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমূকৈ আই আই টি মাদ্ৰাছে ৷ সামগ্ৰিক আৰু অভিযান্ত্ৰিক দুয়োটা শাখাতে এই শিক্ষানুষ্ঠাখনে শীর্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ঘোষণা কৰা নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক (এন আই আৰ এফ ৰেংকিং ২০২২)ত শিক্ষা প্ৰতিষ্ঠানখনে সর্বোচ্চ ৰেংকিঙ দখল কৰে ৷ প্ৰতিষ্ঠানটোৱে একেৰাহে চতুৰ্থ বছৰৰ বাবে সামগ্ৰিক শাখাত শীৰ্ষস্থান দখল কৰাৰ লগতে অভিযান্ত্ৰিক শাখাত একেৰাহে সপ্তম বছৰৰ বাবে প্ৰথম স্থান লাভ কৰিছে ৷
মুঠ এঘাৰটা বিভিন্ন শিতানৰ বাবে এই ৰেংকিঙ মুকলি কৰা হৈছে ৷ সামগ্ৰিক, বিশ্ববিদ্যালয়, ব্যৱস্থাপনা, মহাবিদ্যালয়, ফাৰ্মাচী, চিকিৎসা, অভিযান্ত্ৰিক, স্থাপত্য, প্ৰতিষ্ঠানৰ উদ্ভাৱন সাফল্যৰ ওপৰত অটল ৰেংকিং, আইন আৰু গৱেষণা প্ৰতিষ্ঠান আদি শিতানত ৰেংকিং প্ৰদান কৰা হৈছে ৷ ২০১৬ চনৰ পৰা এনআইআৰএফৰ ৰেংকিং কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰি আহিছে ৷ ।সকলো শিতানৰ বাবে ৰেংকিং নির্ধাৰণ কৰা নিয়ম বেলেগ বেলেগ। মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহক শিক্ষণ, শিকন আৰু সমল , গৱেষণা আৰু পেছাদাৰী অনুশীলন; স্নাতকৰ ফলাফল আদিৰ ওপৰত ৰেংকিং প্ৰদান কৰা হৈছে ৷