উচ্চতম ন্যায়ালয়ৰ শুনানি আৰম্ভ হোৱাৰ সময় ৯ বজা হ’ব লাগে বুলি মতপোষণ কৰিছে জ্যেষ্ঠ ন্যায়াধীশ ইউ ইউ ললিতে ৷ আজি নির্ধাৰিত সময়ৰ পূর্বে শুনানি গ্ৰহণ কৰি ন্যাধীশগৰাকীয়ে কয় যে পুৱা ৯ বজাৰ পৰা উচ্চতম ন্যায়ালয়ৰ কাম-কাজ আৰম্ভ হ’ব লাগে ৷ দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে আগষ্টত দায়িত্ব গ্ৰহণ কৰিব লগীয়া ন্যাধীশ গৰাকীয়ে আজি পুৱা ৯:৩০ বজাত এটা গোচৰৰ শুনানি আৰম্ভ কৰে। সাধাৰণতে উচ্চতম ন্যায়ালয়ত পুৱা ১০:৩০ বজাৰ পৰা গোচৰৰ শুনানি আৰম্ভ হয় ৷ ন্যায়াধীশ ললিতৰ সৈতে ২নং আদালতত শুকুৰবাৰে শুনানিত অংশগ্ৰহণ কৰে ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ সুধাংশু ধুলীয়াই।
এই সন্দর্ভত তেওঁ কয় -“যদি ল’ৰা-ছোৱালীয়ে ৰাতিপুৱা ৭ বজাত স্কুললৈ যাব পাৰে, তেন্তে ন্যায়াধীশ আৰু অধিবক্তাই ৯ বজাত দিনটো আৰম্ভ কিয় কৰিব নোৱাৰে ?” নির্ধাৰিত সময়তকৈ আগতে শুনানি অনুষ্ঠিত কৰা কার্যত প্ৰাক্তন এটৰ্নী জেনেৰেল মুকুল ৰোহটগীয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ পাছতে তেওঁ এনদৰে কয় ৷ ৰোহটগীয়ে কয় যে পুৱা ৯.৩০ বজাৰ আদালত আৰম্ভ কৰাৰ বাবে অধিক উপযুক্ত সময়। ইয়াৰ উত্তৰত ন্যায়াধীশ ললিতে কয় যে তেওঁ সদায় বিশ্বাস কৰি আহিছে যে আদালত সোনকালে বহিব লাগে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ উদাহৰণ দি তেওঁ কয় যে তেওঁলোক পুৱা ৯ বজাত বহিব লাগে। ন্যায়াধীশ ললিতে পৰামৰ্শ দিয়ে যে যেতিয়া দীঘলীয়া শুনানিৰ প্ৰয়োজন নাথাকে তেতিয়া উচ্চতম ন্যায়ালয় পুৱা ৯ বজাৰ পৰা আৰম্ভ কৰি ১১.৩০ বজাত আধা ঘণ্টাৰ বিৰতি ল’ব লাগে। বিচাৰকসকলে দুপৰীয়া পুনৰ শুনানি আৰম্ভ কৰি বিয়লি ২ বজাৰ ভিতৰত শেষ কৰিব পাৰে ৷ ইয়াৰ ফলত সন্ধিয়া অধিক কাম কৰিবলৈ সময় পাব বুলিও তেওঁ কয়।
উল্লেখ্য যে বর্তমান সপ্তাহৰ পাঁচ দিনৰ বাবে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ গোচৰৰ শুনানি গ্ৰহণ কৰে ৷ দিনৰ ১ বজাৰ পৰা ২ বজাৰ ভিতৰত এঘণ্টাৰ দুপৰীয়াৰ বিৰতি প্ৰদান কৰা হয় ৷ অহা ২৭ আগষ্টত ভাৰতৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ ললিতে তেওঁ ৮ নৱেম্বৰলৈকে এই দায়িত্বত থাকিব ৷