মই নাহোঁ / মই নাহোঁ / একেবাৰেই আহি গুচি গ’লো মই / উভতি অহাৰ কথা নাই / মই জানো মই নাহোঁ / মই জানো কোনো নাহে— পৃথিৱী তোমাক ভাল পাই গ’লোগৈ তথাপি মই নাহোঁ ।
বিশিষ্ট কবি তথা অসমীয়া ভাষা সাহিত্যত “এখুদ ককাইদেউ” ৰূপে খ্যাত নৱকান্ত বৰুৱাৰ ধ্বজাপ্ৰসূত আত্মবেদতেই যেন লিপিবদ্ধ কৰি গ’ল স্ৰষ্টাৰ দৰে এই নিটোল নিভাঁজ শাৰীকেইটা । কবিৰ এই ফিনিক্সৰ দৰে মৃত্যুহীন চেতনাক সঞ্জীৱিত কৰি বৃহস্পতিবাৰে (১৪ জুলাই) নগাঁৱত সমবেত হ’ল কাব্যপ্ৰেমী এজাক মানুহ আৰু বন্দিত হ’ল বহুজনৰ শব্দ-সুৰ- ছন্দৰে । গ্ৰীষ্মৰ প্ৰখৰ উত্তাপকো আওকাণ কৰি নগঞা কবি-শিল্পীসকলে নৱকান্ত বৰুৱাকে ধৰি প্ৰয়াত কবিসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদি কলঙৰ বুকুত পুষ্পাঞ্জলি অৰ্পণ কৰে । শিশুৰ প্ৰাণৰ “এখুদ ককাইদেউ” কলঙৰ বাকৰিত যেন শাশ্বত,সুমিষ্ট হাঁহিৰে খুপি খুপি আহিছিল যেতিয়া অসমৰ জনপ্ৰিয় কবি তথা নৱকান্ত বৰুৱাৰ লগত একপ্ৰকাৰ আত্মিক সম্পৰ্ক ৰঞ্জিত দেশ-বিদেশৰ কবিতা,মিচক’খ্যাত কবি ডাঃ প্ৰয়াগ শইকীয়াই নৱকান্ত বৰুৱাৰ কালজয়ী কেইবাটাও কবিতা অন্তভেদী যোৱাকৈ আবৃত্তি কৰে ।
কাব্যনুৰাগী পুলকানন্দ কৌশিকে যান্ত্ৰিকতাৰ গ্ৰাসত পৰা আমাৰ সমাজখনত গোপন ব্যাধিয়ে মানুহৰ মনৰ সমস্ত সেউজীয়া গ্ৰাস কৰাৰ ফলত পৃথিৱীখন ফুটছাই বৰণীয়া হৈ পৰা,এই বাস্তৱ ছবিক প্ৰতিফলিত কৰি নৱকান্ত বৰুৱাই লিখা “গোপন ব্যাধিৰ দৰে” লাহে লাহে মচি নিয়ে । নগাঁৱৰ ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ “লাভাৰ ব্ৰীজ” ৰূপে পৰিচিত ৰত্নকান্ত বৰকাকতি সেঁতুত আয়োজিত স্মৃতি দিৱসত সদৌ অসম কবি সন্মিলনৰ নগাঁও জিলা সমিতিৰ সভাপতি দ্বিজেন্দ্ৰ মোহন হাজৰিকা,জ্যেষ্ঠ কবি অশোকৰাম ভট্টাচাৰ্য,নগেন চন্দ্ৰ খাউণ্ড, আতিকুৰ ৰহমান,অঞ্জলি মহন্ত, কুমকুম বৰুৱা,দেৱযানী শৰ্মা পাঠক,দুলাল বৰা,বন্দনা নাথ, দেৱানন্দ মহন্ত,সুকন্যা শইকীয়া, স্তুতিনন্দা শইকীয়া,অজিত প্ৰীতম দাস আদি বহুজন উপস্থিত থকাৰ লগতে কবিতা পাঠ কৰি দুঃসময়ৰ অনাহুত পাৰিপাশ্বিকতাৰ একপ্ৰকাৰ প্ৰত্যাহ্বান জনাইছিল । উল্লেখ্য যে যিসময়ত জীৱিকাৰ তাগিদাত আমি হেৰুৱাই পেলাইছোঁ কোমল অনুভূতি, কঢ়িয়াই লৈ ফুৰিছোঁ এক ৰুগ্ন মন, নিস্তেজ জীৱন অথবা হৃদয়ত সংগোপনে বাঢ়ি আহিছে এখন মৰুভূমি ।
ঠিক নৱকান্ত বৰুৱাই কোৱাৰ দৰেই “মৰুভূমি এইদৰ আহে” লাহে লাহে মাহে মাহে বছৰে বছৰে ঠিক তেনেদৰে নগাঁৱৰ ৰত্নকান্ত বৰকাকতি সেতু “লাভাৰ ব্ৰীজ”ত অনুষ্ঠিত “দলঙত কবিতা” অনুষ্ঠানে আমাৰ হৃদয়েদি বোৱাওক পলসুৱা কৰা কৰা এখন সতেজ “কলং” । উৰুখা পানীয়ে উটাই নিয়ক মৰা মকৰাৰ খোলা । ঠিক এনেদৰেই যেন কবি সম্ৰাট নৱকান্ত বৰুৱাৰ সোঁৱৰণি দিনটোৱে বহু কথাই সোঁৱৰাই থৈ গ’ল ।