চাৰিদিন পূর্বে আৰৱৰ পৰা ওভতি অহা এজন কেৰেলাৰ লোকৰ শৰীৰত মাংকিপক্সৰ অৱস্থিতি ধৰা পৰাৰ পাছত সতর্ক হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷ তৎকালীনভাৱে এই ৰোগ চিনাক্তকৰণৰ ক্ষেত্ৰত সহায় হোৱাকৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে শুকুৰবাৰে ঘোষণা প্ৰকাশ কৰা অনুসৰি মাংকিপক্স ধৰা পেলোৱাৰ বাবে পৰীক্ষাৰ ক্ষেত্ৰত সহায় কৰাৰ উদ্দেশ্যে আইচিএমআৰ-এনআইভিয়ে সমগ্ৰ দেশতে ১৫টা ভাইৰাছ ৰিচার্জ আৰু ডায়েগনষ্টিক লেবেৰেটৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷
আইচিএমআৰে টুইটযোগে কয়- “মাংকিপক্স ধৰা পেলোৱাৰ বাবে পৰীক্ষাত সহায় কৰিবলৈ সমগ্ৰ দেশৰ ১৫টা ৰিচার্জ আৰু ডায়েগনষ্টিক লেবেৰেটৰীক ইতিমধ্যে আইচিএমআৰ –এনআইভি পুনেৰ দ্বাৰা ডায়েগনষ্টিক পৰীক্ষাৰ প্ৰশিক্ষণ দিয়া হৈছে ৷” উল্লেখ্য যে চাৰিদিন পূৰ্বে আৰৱৰ পৰা উভতি অহা কেৰেলাৰ এজন লোকৰ নমুনা পজিটিভ পোৱাৰ পিছতে চৰকাৰ সষ্টম হৈ পৰিছে। ইয়াৰ পূৰ্বে লোকজনৰ মাংকিপক্সত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছিল ৷পৰৱর্তীসময়ত তেওঁৰ নমুনা পৰীক্ষাৰ বাবে পুনেস্থিত নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীলৈ প্ৰেৰণ কৰা হৈছিল।
কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জৰ মতে আৰৱত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহাৰ পিছত লোকজন আক্ৰান্ত হৈছিল ৷ তেওঁক আইছ’লেট কৰি তীক্ষ্ণ পৰ্যবেক্ষণত ৰখা হৈছে বুলি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে ৷