নিয়মীয়া জীৱনশৈলীৰ মাজতে বহু লোকে অগতানুগতিক কামেৰে অভিলেখ ৰচনা কৰি আহিছে ৷ এনেধৰণৰ কামেৰে বহু মানুহে নিজৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অর্ন্তভুক্ত কৰিবলৈ সক্ষম হৈছে ৷কেৰেলাৰ এটা গহণা নির্মাতা প্ৰতিষ্ঠানে এটা আঙুঠিতে সর্বাধিক হীৰাৰ টুকুৰা লগাই নিজৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তর্ভুক্ত কৰিছে ৷ এই আঙুঠিটোত ২৪,৬৭৯ টা হীৰাৰ টুকুৰা ব্যৱহাৰ কৰা হৈছে ৷ মাশ্বৰুমৰ আর্হিত নির্মাণ কৰা হৈছে এই আঙুঠিটো ৷ কেৰেলাৰ এছ ডব্লিউ এ ডায়মণ্ডছ নামৰ প্ৰতিষ্ঠানটোৱে নির্মাণ কৰা আঙুঠিটোৰ নাম দিয়া হৈছে “আমি”৷
প্ৰতিষ্ঠানটোৰ মতে, আঙুঠিটোৰ ওজন ৩৪০ গ্ৰাম ৷ ইয়াৰ মূল্য হৈছে ৯৫,২৪৩ ডলাৰ ৷ অর্থাৎ ভাৰতীয় মূল্য হ’ব ৭৬,০৮,৭৮৭.০৭ টকা ৷ এছ ডব্লিউ এ ডায়মণ্ডছৰ পৰিচালন সঞ্চালক আব্দুল গফুৰ আনাদিয়ানে ৰেকর্ড সন্দর্ভত কয়- “গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত আমাক অন্তর্ভুক্ত কৰাৰ খবৰে আনন্দিত কৰিছে ৷ “