নগাঁও জিলাৰ উপায়ুক্ত নিসৰ্গ হিভৰেক বদলি কৰা হৈছে হাইলাকান্দি জিলালৈ । আই এ এছ বিষয়া হিভৰেক বদলি কৰি আন এজন আই এ এছ বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহক নগাঁও জিলাৰ উপায়ুক্ত হিচাপে স্থলাভিষিক্ত কৰা হৈছে । উল্লেখ্য যে নৰেন্দ্ৰ কুমাৰ শ্বাহ চিৰাং জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ উপৰি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজ’নৰ সচিবৰ দায়িত্বতো আছিল । নিসৰ্গ হিভৰেৰ কাম- কাজক লৈ অসন্তুষ্ট আছিল স্বয়ং মুখ্যমন্ত্ৰী । ৰাজ্যৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ নগাঁও জিলাৰ প্ৰশাসনিক কাম-কাজ সুচাৰুভাৱে পৰিচালনা ব্যৰ্থ হৈছিল বুলি অভিযোগ উঠিছিল । দুজনমান এ চি এছ বিষয়াক জিলা প্ৰশাসনৰ দায়িত্ব পৰিচালনাৰ গুৰু দায়িত্ব অৰ্পণ কৰাক লৈ সৃষ্টি হৈছিল অৰাজকতা । তদুপৰি প্ৰলয়ংকৰী দুটা বানে বিধ্বস্ত কৰা নগাঁৱৰ পৰিস্থিতি মোকাবিলা কৰাত ব্যৰ্থ হৈছিল আই এ এছ বিষয়া নিসৰ্গ হিভৰে ।