চুবুৰীয়া ৰাজ্যৰে হোৱা সীমা সংঘাতৰ অন্ত পেলাবলৈ সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হ’য়।
দিনৰ ১১-৩০ বজাত সংসদ ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই মিজোৰামৰ ক্ষেত্ৰত দেখা দিয়া সংঘাত নিষ্পতিৰ বাবে কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰে আৰু মেঘালয়ৰ সৈতে থকা সীমা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথাও অৱগত কৰে।
একেদৰে অৰুণাচলৰ সৈতেও অতি সোনকালে আলোচনা আৰম্ভ কৰিব বুলি প্ৰধানমন্ত্ৰীক জানিবলৈ দিয়ে।আলোচনাৰ অন্তত শান্তি আলোচনাৰ বাবে মুখ্যমন্ত্ৰীক সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে প্ৰধানমন্ত্ৰীয়ে।
ইয়াৰ লগতে ৰাজ্যৰ উন্নয়নৰ ধাৰা তৰাম্বিত কৰিবলৈ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ বিচৰাৰ লগতে বড়ো ভূমিৰ শান্তি প্ৰতিষ্ঠাৰ বাবে চৰকাৰে গ্ৰহণ কৰা স্থিতিৰ কথাও অৱগত কৰে।ইতিমধ্যে ৰাজ্য চৰকাৰে ড্ৰাগছৰ ক্ষেত্ৰত সৱল পদক্ষেপ গ্ৰহণ কৰি যিখিনি সফলতা লাভ কৰিছে সেই সম্পৰ্কেও প্ৰধানমন্ত্ৰীক জানিবলৈ দিয়ে।
অৱশ্যে এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সমূহৰ সফল ৰূপায়ণৰ বিষয়টো বিশেষ গুৰুত্ব লাভ কৰে বুলি কয় মুখ্যমন্ত্ৰীজনে।
ইফালে এই বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই গৃহ মন্ত্ৰী অমিত শ্বাসকো সাক্ষাৎ কৰে।য‘ত সীমা সমস্যাৰ উপৰিও বৰ্তমান মূল সূঁতিলৈ ঘূৰি অহা বড়ো উগ্ৰপন্থী সকলৰ সমস্যাৰ আলোচনা কৰাৰ লগতে কাৰ্বি আংলঙৰ কেইবাটাও উগ্ৰপন্থী সংগঠনৰ সৈতে হ’বলগীয়া চুক্তিৰ বিষয়েও বিশদ আলোচনা কৰে বুলি কয় মুখ্যমন্ত্ৰীজনে।
ইয়াৰপিছতে স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ক‘ভিড পৰিস্থিতি সন্দৰ্ভত জানিবলৈ দিয়ে। আৰু ৰাজ্যলৈ অধিক ক’ভিড প্ৰতিষেধক বিচাৰি আৱেদন জনায়।যিক্ষেত্ৰত ক‘ভিড পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণ সাজু থকাৰ কথাও উল্লেখ কৰে।
উল্লেখযোগ্য যে স্বাস্থ্য মন্ত্ৰালয়ৰ উপৰিও সাৰ মন্ত্ৰালয়ৰ দায়িত্বত থকা মন্ত্ৰীজনৰ লগত নামৰূপৰ সাৰ কাৰখানাৰ ওপৰত বিশদভাৱে আলোচনা কৰি চতুৰ্থ গোট কিদৰে স্থাপন কৰিব পাৰি সেইসন্দৰ্ভত কথা পাতে।
য’ত কেন্দ্ৰীয় মন্ত্ৰীজনে সাৰ কাৰখানাটোৰ তৃতীয়টো গোট কাৰ্যক্ষম কৰি ৰখাৰ লগতে চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। ইয়াৰপিছত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিজেপি সাংসদ সকলক লগত লৈ কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জি কিষান ৰেড্ডীকো সাক্ষাৎ কৰে।
একেলগে কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰিকো দেখা কৰে মুখ্যমন্ত্ৰীজনে। গাডকাৰিৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ফ‘ৰলেন পথৰ নিৰ্মাণৰ গতি ক্ষিপ্ৰ কৰাৰ লগতে আন পথ প্ৰকল্পৰ বিষয়ে আলোচনা কৰে।