গুৱাহাটীত শোকাবহ ঘটনা ৷ দেওবাৰে বিয়লি বন্ধুৰ সৈতে ব্ৰহ্মপুত্ৰৰ বুকুত গা ধুবলৈ গৈ সন্ধানহীন হ’ল এজন ২০বছৰীয়া যুৱক ৷ গুৱাহাটী মহানগৰীৰ উজান বজাৰ ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হয় যুৱকজন৷ যুৱকজন শিলপুখুৰীৰ ধীৰাজ ডেকা বুলি জানিব পৰা গৈছে ৷ আন চাৰিজন বন্ধুৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই গ’ল ধীৰাজ ৷
ৰোহন নামৰ ধীৰাজৰ এজন বন্ধুৱে উক্ত ঘটনা সন্দৰ্ভত কয় যে ,তেওঁলোক পানীলৈ নামি যোৱাৰ সময়ত ধীৰাজ হঠাৎ ডুবি গৈছিল ৷ এজন বন্ধুৱে তেওঁক উদ্ধাৰ কৰাৰ চেষ্টা কৰিও বিফল হয় ৷
‘অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণ’ৰ এজন বিষয়াই জানিবলৈ দিয়া মতে ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰাই ‘অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণ’ৰ দ্বাৰা উদ্ধাৰ অভিযান চলোৱা হৈছিল আৰু ৰাতিৰ ভাগত অভিযান স্থগিত ৰাখি সোমবাৰৰ পৰা পুনৰ এই উদ্ধাৰ অভিযান চলোৱা হৈছে ৷
আনহাতে ধীৰাজৰ পিতৃয়ে কৈছিল যে তেওঁ ঘটনা স্থলীত উপস্থিত হৈ হতবাক হৈছিল আৰু প্ৰথম অৱস্থাত এই কথা মানি ল’ব পৰা নাছিল ৷ সাধাৰণতে তেওঁলোকে কেতিয়াও নৈত গা ধুবলৈ নাযায় ৷