পুনৰ সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ ৷ আজিৰে পৰা বৃদ্ধি পাব বহু কেইবিধ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য ৷আজিৰ পৰা কেইবাবিধো সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰা হ’ব যাৰ ফলত বৃদ্ধি পাব অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য ৷ পূৰ্বে জি এছ টি আৰোপ নকৰা কেইবাবিধো নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ ওপৰত আজিৰে পৰা আৰোপ কৰা হৈছে ৫% জি এছ টি ৷
চাউল,ময়দা ,আটা,মুড়ি আদিৰ দৰে পেকেটত উপলব্ধ হোৱা কেইবাবিধো সামগ্ৰীৰ ওপৰত আজিৰ পৰা আৰোপ কৰা হৈছে জি এছ টি ৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কেৱল ব্ৰেণ্ডেড চাউলৰ পেকেটৰ ওপৰতহে জি এছ টি আৰোপ কৰা হৈছিল ৷ কিন্তু আজিৰে পৰা ব্ৰেণ্ডেড হওঁক বা নহওঁক সকলো পেকেটজাত সামগ্ৰীতেই লাগিব জিএছটি ৷
আনহাতে দৈ ,লাচি,বাটাৰ মিল্ক,পনীৰ আদি সামগ্ৰী সমূহৰ ওপৰতো আৰোপ কৰা হ’ব ৫% জিএছ টি ৷ পেকেটত উপলব্ধ সকলো ধৰণৰ গুৰৰ ওপৰতো আৰোপিত হ’ব জি এছ টি ৷ লগতে প্ৰাকৃতিক মৌ,পেকেটত উপলব্ধ মুড়ি ,চিৰা ,আখৈ ,অ’ট্ছ,পিঠাগুড়ি কিনিবলৈ গ’লে আজিৰে পৰা ৰাইজে ভৰিব লাগিব ৫% জি এছ টি ৷