আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা ৰাজ্যৰ এটা মলত দেওবাৰে তিনিজন লোক নিহত হয় আৰু আন তিনিজন আহত হয় ৷ বিষয়াসকলৰ মতে দেশখনত বন্দুকৰ দৌৰাত্ম্যৰ ই শেহতীয়া ঘটনা।
ইণ্ডিয়ানাৰ গ্ৰীণউডৰ মেয়ৰ মাৰ্ক মেয়াৰ্ছে এক বিবৃতিত কয় যে,তেওঁলোকে দেওবাৰে সন্ধিয়া গ্ৰীণউড পাৰ্ক মলত এক গুলীচালনাৰ ঘটনা সংঘটিত হয় য’ত তিনিজন লোক নিহত হোৱাৰ লগতে তিনিজন আহত হয় ৷ মেয়াৰ্ছে কৈছিল যে বন্দুকধাৰীজনক এজন সশস্ত্ৰ ব্যক্তিয়ে গুলীয়াই হত্যা কৰিছিল।
গ্ৰীণউড আৰক্ষীয়ে তেওঁলোকৰ ফেচবুক পৃষ্ঠাত এটা পোষ্ট শ্বেয়াৰ কৰি এই গুলীচালনাৰ ঘটনাটোৰ সাক্ষীসকলক তথ্যৰ সৈতে বিভাগটোৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছিল।
তথ্য অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰত আগ্নেয়াস্ত্ৰৰ ফলত বছৰত প্ৰায় ৪০,০০০ লোকৰ মৃত্যু হয়।
উল্লেখ্য যে চিকাগোৰ এখন ঠাইত ৪ জুলাইৰ কুচকাৱাজত এজন বন্দুকধাৰীয়ে গুলীচালনা কৰাৰ কেইসপ্তাহমানৰ পিছতে এইঘটনা সংঘটিত হয়, যাৰ ফলত সাতজন লোক নিহত হয় আৰু কমেও তিনি ডজন লোক আহত হয়।
সেই গুলীচালনাৰ পিছত মে’ মাহত দুটা গণহত্যা সংঘটিত হৈছিল য’ত নিউয়ৰ্কৰ এখন চুপাৰমাৰ্কেটত ১০ জন কৃষ্ণাঙ্গ লোকক গুলীয়াই হত্যা কৰা হৈছিল আৰু টেক্সাছৰ এখন প্ৰাথমিক বিদ্যালয়ত ১৯ জন শিশু আৰু দুজন শিক্ষকক হত্যা কৰা হৈছিল।
এই ঘটনা সমূহৰ পিছত কালি সংঘটিত হোৱা শেহতীয়া গুলীচালনাৰ ঘটনাটোৰ পিছতেই আগ্নেয়াস্ত্ৰ নিয়ন্ত্ৰণৰ ওপৰত বিভাজনমূলক বিতৰ্কক পুনৰুজ্জীৱিত কৰিছে। ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ এখন সমিতিয়ে প্ৰায় ২০ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে আক্ৰমণৰ অস্ত্ৰ নিষিদ্ধ কৰা বিধেয়কৰ ওপৰত এই সপ্তাহত ভোটদান কৰিবলৈ সাজু হৈছে।