আজি বিশিষ্ট পণ্ডিত ভৱদেৱ ভাগৱতীৰ স্মৃতি দিৱস । তেওঁ ঢাকাৰ সাৰস্বত সমাজৰ পৰা বেদান্তৱাগীশ উপাধি লাভ কৰিছিল । ১৯৩১ চনত তেওঁ চামতা উচ্চ ইংৰাজী বিদ্যালয়ত (বৰ্তমান চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়) সংস্কৃত শিক্ষক হিচাপে যোগদান কৰি এগৰাকী কৃতী শিক্ষক হিচাপে পৰিচয় দিবলৈ সক্ষম হয় । ১৯২৭ চনত জাৰ্ণেল অব দ্য নেচনেল এডুকেচন এছোচিয়েচনত হেনৰী ভন ডাইকেও তেওঁৰ ভূয়সী প্ৰশংসা কৰিছিল । তেওঁ এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত হোৱাৰ উপৰি সুসাহিত্যিকো আছিল । তিনিটা প্ৰবাহত বিভক্ত সংস্কৃত খণ্ড-কাব্য ‘সতী জয়মতী’ তেওঁৰ অমৰ কীৰ্তি । তেওঁৰ আন দুখন সংস্কৃত পুথি ‘শ্লোকমালা’ আৰু ‘স্তুতিপাঠ’ । দুটা খণ্ডত বিভক্ত আন এখন পুথি ‘কথাকুসুমম’ । তদুপৰি তেওঁ যজুৰ্ৱেদীয়বিবাহপদ্ধতি আৰু মহাভাৰতৰ অংশবিশেষ অনুবাদ কৰিও পাণ্ডিত্যৰ পৰিচয় দিছিল । তেনেদৰে হাস্য-ব্যংগ ৰসৰ অসমীয়া পুথি ‘ভেকোঁ-ভাওনা’ত সমাজ সংস্কাৰৰ মনোভাৱ প্ৰকাশ পাইছে । সুখৰ সপোন আৰু লীলা নামৰ পুথি দুখনত সাধাৰণ মানুহৰ জীৱনৰ ঘাত-প্ৰতিঘাত অংকিত হৈছে । গান্ধী কীৰ্তন তেওঁৰ আন এখন পুথি । তদুপৰি তেওঁ অসমীয়া আলোচনী বাঁহী, চেতনা, ন-জেউতি, অসমীয়া, সৃষ্টি আদি, বাংলা আলোচনী সত্যবাদী আৰু সংস্কৃত আলোচনী সূৰ্যোদয়ঃতো বিশ্লেষণাত্মক প্ৰবন্ধ লিখিছিল । ১৯৮৮ চনৰ আজিৰ দিনটোতে নলবাৰী জিলাৰ কৈঠালকুছিত তেওঁৰ দেহাৱসান ঘটে । বিশিষ্ট পণ্ডিতগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট জ্যোতিৰ্বিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ ওপজা দিন । ১৯৩৮ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰত তেওঁৰ জন্ম হয় । তেওঁ ইংৰাজ জ্যোতিৰ্বিজ্ঞানী ছাৰ ফ্ৰেড হইলৰ সৈতে লগ লাগি মহাকৰ্ষণৰ এটা নতুন তত্ত্ব আৱিষ্কাৰ কৰিছিল । তত্ত্বটোৰ নাম হইল-নাৰ্লিকাৰ তত্ত্ব । এই তত্ত্বৰ দ্বাৰা আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্ব আৰু মেকৰ সূত্ৰক সংশ্লেষণ কৰা হৈছে । ভাৰত চৰকাৰে ২০০৪ চনত তেওঁক পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰে । ১৯৯৬ চনত ইউনেস্কোৱে তেওঁক কলিংগ বঁটা প্ৰদান কৰে । তেওঁ মাৰাঠী ভাষাত লিখা আত্মজীৱনীখনৰ বাবে ২০১৪ চনত সাহিত্য অকাডেমি বঁটাও লাভ কৰে । এইগৰাকী বিশিষ্ট জ্যোতিৰ্বিজ্ঞানীক জনালোঁ ওপজা দিনৰ ওলগ ।