প্ৰবীণ গায়ক ভূপিন্দৰ সিঙৰ সোমবাৰে মুম্বাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ । তেওঁৰ পত্নী মিতালী সিঙে জানিবলৈ দিয়া মতে মলাশয়ৰ ৰোগত ভুগি আছিল বিশিষ্ট শিল্পী গৰাকীয়ে।
ভূপিন্দৰ সিঙে কেইবাবছৰধৰি কেইবাটাও হিট ক্লাছিক গীতত কণ্ঠ দান কৰিছে ৷ সেইসমূহৰ ভিতৰত ‘দো দিৱানে শাহেৰ মে’, ‘হোকে মজবুৰ মুঝে উছনে বুলায়া হোগা’, ‘আনে চে উচকে আয়ে বাহাৰ’, ‘কিচি নাজাৰ কো তেৰা ইণ্টেজাৰ আজভি হে’, ‘বিটি না বিতাই ৰাইনা’, ‘দিল ধুম জায়েগা’, ‘এক আকেলা ইছ শাহেৰ মে’, হুজোৰ ইছ কাদাৰ ভি না ইত্ৰা কে চলিয়ে’ আদি উল্লেখযোগ্য।
চিটিকেয়াৰ এছিয়া চিকিৎসালয়ৰ সঞ্চালক ডাঃ দীপক নামযোশীয়ে কয় যে , ভূপিন্দৰজীক দহ দিন আগতে তেওঁলোকৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ সংক্ৰমণ হৈছিল। আতেওঁলোকৰ দৃঢ় সন্দেহ আছিল যে তেওঁৰ মলাশয়ৰ ৰোগ আছিল আৰু তেওঁলোকে অনুসন্ধান কৰিছিল। একে সময়তে, তেওঁ কোভিড-১৯ তো আক্ৰান্ত হয়। সোমবাৰে ৰাতিপুৱা তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল আৰু তেওঁক ভেণ্টিলেটৰত ৰাখিব লগা হৈছিল। অৱশেষত তেওঁ হৃদৰোগত আক্ৰান্ত হৈ সন্ধিয়া ৭:৪৫ বজাত মৃত্যু বৰণ কৰিছিল।
সিঙৰ জন্ম পঞ্জাৱৰ অমৃতসৰত হৈছিল আৰু সৰুতেই তেওঁ গীটাৰ আৰু ভায়োলিন বজাবলৈ শিকিছিল। তেওঁ কিশোৰ কুমাৰ আৰু মহম্মদ ৰফিৰ সৈতেও কেইবাটাও গীতত কণ্ঠদান কৰিছিল।
২০১৬ চনত এক সংবাদ মাধ্যমৰ যোগে সিঙে কৈছিল, “যিহেতু ঘৰত সদায় এক সুন্দৰ সংগীতৰ পৰিবেশ আছিল, কিন্তু মই ইয়াৰ সৈতে সম্পৰ্কিত একো কৰিব নিবিচাৰিছিলো। মোৰ দেউতা নাথসিং পঞ্জাৱৰ অমৃতসৰত সংগীতৰ অধ্যাপক আছিল। মোৰ ডাঙৰ ভাতৃসকল বাদ্যযন্ত্ৰী আছিল। কিশোৰ অৱস্থাত, মই ভাবিছিলো যে যদি মই এজন সংগীতজ্ঞ হওঁ তেন্তে মোক কোনেও সন্মান নকৰিব আৰু সংগীতত মোৰ কেৰিয়াৰ নাথাকিব। সেয়েহে মই গান গাবলৈ এৰি দিছিলো। তাৰ পৰিৱৰ্তে মই হাৱাইন গীটাৰ তুলি লৈছিলো আৰু আটাইতকৈ কঠিন চলচ্চিত্ৰ গান আৰু শাস্ত্ৰীয় সংগীত বজাবলৈ আৰম্ভ কৰিছিলো। মই ভাবো গীটাৰৰ বাবেই মই পুনৰ গান গাবলৈ আৰম্ভ কৰিলোঁ।”
শিল্পী গৰাকীৰ মৃত্যুত সমগ্ৰ দেশতে পৰিছে গভীৰ শোকৰ ছাঁ ৷