বিভিন্ন ঋতুত বিভিন্ন ফুল ফুলে। প্ৰতিটো ঋতুৰ প্ৰতিজোপা ফুলেই আমাৰ মনত আনন্দৰ জোৱাৰ তোলে। কবিৰ কবিতাত প্ৰতিটো ঋতুত ফুলা ফুলৰ বৰ্ণনাই মনত প্ৰেমৰ আগমন ঘটায়। ফুল সকলোৰে প্ৰিয়। বহাগত বা বসন্ত ঋতুত ফুলা ফুলে কতো কবিৰ কবিতাত প্ৰাণ পাই গান হৈ বাজি থাকিল সকলোৰে হৃদয়ে হৃদয়ে। বিহুৰ বতৰত প্ৰতিজন ডেকা-গাভৰুৱে এবাৰ হ’লেও গুণগুণাব অ’নাহৰ , অ’ নাহৰ ——–এই নাহৰ ফুল অকল সৌন্দৰ্যৰ প্ৰতীকেই নহয় , ইয়াৰো আছে বহুতো ঔষধি গুণ। জানো আহকচোন আজি নাহৰৰ বিষয়ে–
আজিকাালি ডাঙৰ -সৰু সকলোৰে স্পণ্ডেলাইটিচ হোৱা দেখা যায়। স্পণ্ডেলাইটিচ হ’লে বহুত কষ্ট হয়। ডিঙিৰ পৰা হাতলৈ বিষ হৈ থাকে। অলপমান গধুৰ বস্তু কঢ়িয়ালে বিষ বেছি হয়। বেছি সময় গাড়ীত বহি গলেও স্পণ্ডেলাইটিচ বেছি হয়। স্পণ্ডেলাইটিচৰ আকৌ দৰৱ নাই। আমি ব্যায়ামৰ দ্বাৰাইহে স্পণ্ডেলাইটিচৰ পৰা ৰেহাই পাব পাঁৰো। আমাৰ সকলোৰে মৰমৰ নাহৰ ফুলেৰেও আমি স্পণ্ডেলাইটিচৰ পৰা আৰোগ্য পাব পাৰো।
১) নাহৰ ফুলৰ গুড়া ২ গাামকৈ গৰম পানীৰ লগত মিহলাই এদিনৰ অন্তৰে অন্তৰে খালে স্পণ্ডেলাইটিচ ৰোগ ভাল হয়।
২) নাহৰ ফুলৰ পাউদাৰ ১ গ্ৰাম একাপ গৰম পানীত ভিজাই সেই পানী কেইদিন মান খালে আমবাত ৰোগ ভাল হয়।
৩) নাহৰ ফুল আৰু মেটেকা ফুল পিহি চকুত অঞ্জন লগালে নিদ্ৰাহীনতা ৰোগ ভাল হয়।
৪) নাহৰ ফুলৰ ৰেণুৰ গুড়ি , এচামুচ মাখন আৰু অলপ মিচিৰি মিহলি কৰি খালে অৰ্শ ৰোগ ভাল হয়।
ফুল অকল সৌন্দয্যৰ প্ৰতীকেই নহয়। “নাহৰৰে ক’লি দেখিছানে নাই , তোমাৰ চকুযুৰি দেখো তেনেকুৱাই”—- নাহৰৰ ক’লিৰ দৰে চকুযুৰি নহলেও নাহৰেৰে আমি বহুতো বেমাৰৰ প্ৰতিৰোধ কৰিব পাৰোঁ।