সংসদৰ মজিয়াত অনুষ্ঠিত ভোটত জয়লাভ কৰাৰ পিছত বৃহস্পতিবাৰে শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ৰণিল উইক্ৰেমেসিংঘেই। আজি পুৱা শ্ৰীলংকাৰ অষ্টম ৰাষ্ট্ৰপতি হিচাপে তেওঁ শপত গ্ৰহণ কৰে ৷ উইক্ৰেমেসিংঘেই আজিৰ ভিতৰতে নতুন প্ৰধানমন্ত্ৰী নিযুক্তি দিব।
৭৩ বছৰীয়া উইক্ৰেমেসিংঘেই সংসদ চৌহদত মুখ্য ন্যায়াধীশ জয়ন্ত জয়সূর্যৰ সন্মুখত শপত গ্ৰহণ কৰে। মাহৰ পিছত মাহ ধৰি চলি থকা গণ প্ৰতিবাদৰ পিছত দেশখনক অৰ্থনৈতিক সংকটৰ পৰা মুক্ত কৰি স্বাভাৱিক জীৱন পুনৰ ওভতাই অনাৰ কঠিন কামৰ সন্মুখীন হ’ব প্ৰবীণ ৰাজনীতিবিদ ৰণিল উইক্ৰেমেসিংঘে ৷
বিগত সপ্তাহত তেওঁৰ পূৰ্বৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষই দেশ এৰি যোৱাৰ পিছত ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা উইক্ৰেমেসিংঘে ভোটদানৰ পিছত সংসদে নিৰ্বাচিত কৰা প্ৰথমজন শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি।
ৰাষ্ট্ৰপতি উইক্ৰেমেসিংঘেৰ অধীনত কাৰ্যনিৰ্বাহ কৰিবলগীয়া ২০-২৫ জনীয়া কেবিনেট মন্ত্ৰী শীঘ্ৰে নিযুক্তি দিয়া হ’ব। ইফালে উইক্ৰেমেসিংঘে ৰাষ্ট্ৰপতি নির্বাচিত হোৱাৰ পাছতে দেশখনত পুনৰ আৰম্ভ হৈছে প্ৰতিবাদী কার্যসূচী ৷ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত বহুসংখ্যক লোকে প্ৰতিবাদ সাৱ্যস্ত কৰিছে ৷