আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন মঞ্জুৰ হ’ল বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ ৷সামাজিক মাধ্যমত স্বাধীন অসমৰ সমৰ্থনত এটা পোষ্ট দিয়াৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছিল বৰ্ষাশ্ৰী বুঢ়াগোঁহাই নামৰ ছাত্ৰীগৰাকীক ৷ বৰ্তমান গোলাঘাট কাৰাগাৰৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হৈছে মেধাবী ছাত্ৰীগৰাকী ৷
চলিত বৰ্ষৰ ১৮মে’ত অসমৰ নিষিদ্ধ সংগঠন আলফা (স্বা)ৰ সমৰ্থনত ‘আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ’ শীৰ্ষক এটা কবিতা লিখি জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম ফেচবুকত পোষ্ট কৰাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছিল বৰ্ষাশ্ৰী বুঢ়াগোঁহাই নামৰ মেধাবী ছাত্ৰীগৰাকীক ৷
অৱশ্যে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ইতিমধ্যে বৰ্ষাশ্ৰীক কাৰাগাৰতেই পৰীক্ষাত বহিবলৈ অনুমতি প্ৰদান কৰা হৈছে আৰু কাৰাগাৰৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হৈছে বৰ্ষাশ্ৰী ৷
শেহতীয়া খবৰ অনুসৰি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন মঞ্জুৰ হ’ল বৰ্ষাশ্ৰীৰ ৷ বৰ্ষাশ্ৰীৰ জামিনৰ লগে লগে আজি কিছু সকাহ অনুভৱ কৰিছে ইমানদিনে কাৰাৰূদ্ধ হৈ থকা বৰ্ষাশ্ৰীৰ পৰিয়ালৰ লোকসকলে ৷